টীয়ক, ১৪ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক সমষ্টিৰ অন্তৰ্গত ঔগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আজি ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে। এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা উপস্থিত হৈ ফিটা কাটি কেন্দ্ৰটোৰ দ্বাৰ উন্মোচন কৰে আৰু কেন্দ্ৰটো পৰিদৰ্শন কৰি শিশুসকলৰ লগত আলাপত মিলিত হয় লগতে অসম চৰকাৰে শিশুসকলৰ কায়িক মানসিক তথা বৌদ্ধিক বিকাশৰ অৰ্থে সমগ্ৰ অসমতে স্থাপন কৰা অত্যাধুনিক সা সুবিধাযুক্ত এই অংগনবাড়ী কেন্দ্ৰসমূহে শিশুসকলক সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত অধিক সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে লগতে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে টীয়ক সমষ্টিত ইতিমধ্যে ৩৬ টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে আৰু তাৰে প্ৰথম পৰ্য্যায়ত ১১ টা কেন্দ্ৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।
Home অসম আৰু উত্তৰপূব ভাৰ্চুৱেলী টীয়কৰ ঔগুৰিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী অজন্তা নেওগে