দৰং, ১৪ আগষ্টঃ দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ নামখলা গাওঁ পঞ্চায়ত অন্তৰ্গত আঠিয়াবাৰী গাঁৱৰ জন কল্যান সংঘৰ সভাগৃহৰ নামত অহা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ।
উল্লেখযোগ্য যে, মঙ্গলদৈ লোকসভা সমষ্টিত প্ৰাক্তন সাংসদ ৰমেন ডেকাই ২০১৬ চনতে ৰাজহুৱা সভাগৃহৰ নামত দুই লাখ টকা আৱন্টিত কৰিছিল কিন্তু যোবা সাত বছৰে সভাগৃহটোৰ কাম সম্পূৰ্ণ হৈ নুঠাত এতিয়া ইয়াৰ ৰাইজে জিলা কৰ্তৃপক্ষ তথা স্থানীয় সাংসদ দিলিপ শইকীয়াৰ হস্তক্ষেপ বিচাৰিছে। ৰাইজে অভিযোগ কৰা মতে নিৰ্মাণ কাম আৱন্তন পোৱা সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে সিংঘ ভাগ ধন আত্মসাৎ কৰাৰ বাবেই এনেদৰে ৰাজহুৱা সভাগৃহটো বছৰ বছৰ ধৰি অৰ্ধনিৰ্মিত হৈ থকা বুলি গুৰুতৰ অভিযোগ তুলিছে জনকল্যান সংঘৰ সভাপতিৰ লগতে স্থানীয় ৰাইজে ।