ৰঙিয়া, ১৪ আগষ্টঃ ৰঙিয়াত কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতিৰ দুৰ্বলতাৰ সুযোগলৈ আম আদমী পাৰ্টিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে ।

ৰঙিয়াত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ পৰা অধিকাংশ ব্যক্তিয়ে আম আদমী পাৰ্টিত যোগদান অব্যহত ৰখাৰ সময়তে আজি ৰঙিয়াত দলটোৱে দলটোৰ এটা মুখ্য কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে ।

এক মাঙ্গলিক কাৰ্য্যসূচীৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্তৰ সমিপত কাৰ্য্যালয়টোৰ শুভ উদ্বোধন কৰে দলটোৰ ৰাজ্যিক সমম্বয়ক ডঃ ভৱেন চৌধুৰীয়ে ।

কাৰ্য্যালয় শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আম আদমী পাৰ্টিৰ নেতা ডঃ ভৱেন চৌধাৰীয়ে কয় যে দুৰ্নীতি মুক্ত এখন অসম গঢ়াৰ বাবে আম আদমি পাৰ্টিয়ে অহৰহ চেষ্টা অব্যহত ৰাখিছে ।

দুৰ্নীতি মুক্ত অসম গঢ়িবলৈ হলে একমাত্ৰ আম আদমী পাৰ্টিৰ বাহিৰে আন কোনো দলৰ পৰা সম্ভব নহয় বুলি ডঃ চৌধুৰীয়ে উল্লেখ কৰে ।
কাৰ্য্যালয় শুভ উদ্বোধনী অনুষ্ঠানটো দলটোৰ নেতা জয়ন্ত কলিতা, ৰাজ্যৰক সম্পাদক ভিত্তৰ গগৈ , গুৱাহাটী পৌৰ নিগমৰ ওৱাৰ্ড প্ৰতিনিধি তথা দলটোৰ ৰাজ্যিক নেত্ৰী মাছুমা বেগমৰ উপস্থিতিত পঞ্চাশ গৰাকী যুৱক যুৱতীয়ে দলটোত যোগদান কৰে ।