চিৰাং, ১৬ আগষ্টঃ চিৰাঙৰ বিজনী মহকুমাৰ ১ নং শিশুবাৰীৰ নোৱাপাৰা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত সোমবাৰে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে । নোৱাপাৰা গাঁওৰ একাংশ সচেতন নাগৰিকে অভিযোগ উত্থাপন কৰা অনুযায়ী উক্ত স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত পুৱা ১১ বজাত দায়সৰা ধৰণে পতাকা উত্তোলন কৰে । এইক্ষেত্ৰত স্বাস্থ্য আৰু কল্যান কেন্দ্ৰটোৰ কৰ্মচাৰী তিনিগৰাকী ক্ৰমে আৰতি ডেকা ৰায়, ময়ূৰী সন্দিকৈ আৰু হাবিবুল্লাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।