সৰুপথাৰ, ১৬ আগষ্টঃ সদ্য সমাপ্ত কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা স্বৰ্ণ কন্যা নয়নমণিৰ স্বগৃহলৈ প্ৰত্যাবৰ্তন । ধনশিৰি মহকুমাৰ ধনশিৰি দলঙৰ পৰা স্বৰ্ণ কন্যাক দল-সংগঠনে বাইকৰেলীৰে আদৰি আনে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহলৈ । য’ত নয়নমণিক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায় স্থানীয় বিধায়ক ,জিলা প্ৰশাসন,ধনশিৰি মহকুমা প্ৰশাসনৰ উপৰিও দল-সংগঠনে । ধনশিৰিৰ জিলা ক্ৰীড়া সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়-ববীয়া সকলৰ লগতে দল-সংগঠনৰ বিষয়-ববীয়া সকল । উল্লেখ্য ইংলেণ্ডৰ ৱাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত লনবলত স্বৰ্ণজয়ী ভাৰতীয় মহিলা দলটোৰ অন্যতম সদস্যা আছিল নয়নমণি শইকীয়া । নয়নমণি শইকীয়া জন্মসূত্রে বৰপথাৰ টেঙাবাৰীৰ জীয়ৰী আৰু টেঙাহোলাৰ বোৱাৰী ।