লখিমপুৰ ১৬ আগষ্ট : লখিমপুৰত একেখন ৰভা তলত বিবাহ পাশত বহিল ২৭৬ জোৰা দৰা-কইনা। পূর্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এই বাৰ সংস্কাৰিক বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে। জিলা খনৰ বগীনদীত আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত হংস ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হ’ল আজি এই সামূহিক বিবাহ। উল্লেখ্য যে এই সামূহিক বিবাহত পাঁচ প্ৰকাৰ নীতি-নিয়মেৰে পৃথকে পৃথকে সামাজিকভাৱে বিবাহ বন্ধত আৱদ্ধ হ’ল এই সকল দম্পতি। সামূহিক বিবাহ উপলক্ষতে আজি সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰাৰে ভাগে ভাগে চলিল বৈদিক প্রথা, বিধি পাঠ, আদিবাসী সকলৰ মাৰোৱা নীতি, মিচিং সকলৰ শলিতা জ্বলোৱা আৰু সোণোৱাল সকলৰ ভকতীয়া প্ৰথাৰে এই বিবাহ সম্পূর্ণ নীতি-নিয়ম শৃংখলাৰ মাজেৰে অনুষ্ঠিত হ’ল। এই বিবাহ অনুষ্ঠানৰ সম্পূৰ্ণ ব্যয় বহন কৰিছে উত্তৰাখণ্ডৰ হংস ফাউণ্ডেচনে। বিবাহৰ প্ৰয়োজনীয় সকলো সামগ্রী সংস্কাৰ সমিতিয়ে বহন কৰা উপৰিও যাৱতীয় অন্যান্য সামগ্রীও দৰা-কইনাক উপহাৰ হিচাপে প্ৰদান কৰে। মূলতঃ সামাজিক সংস্কাৰৰ বাহিৰত ৰৈ যোৱা আর্থিক ভাৱে দুৰ্বল তথা সৱল দম্পতি সকলক সংস্কাৰৰ আওঁতালে আনি লখিমপুৰ বিবাহ সংস্কাৰ সমিতিয়ে এই মহান পদক্ষেপ গ্ৰহণ কৰে।