লখিমপুৰ ,১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়াল সহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহন বিষয়া সত্য কাম গগৈ,যান- বাহন পৰিদৰ্শক সঞ্জীৱ কুমাৰ চুতীয়া ৰ উপস্থিতিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আত ধৰা অনুষ্ঠানত জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰী সকলে প্ৰাক্তন সৈনিক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আদিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্গিল শ্বহীদ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত যানবাহন পৰিদৰ্শক নৰেন বৰঠাকুৰ, ৰঞ্জিত দত্ত বৰা আদি উপস্থিত থাকে ।