গুৱাহাটী,১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৩২ খন আই টি আইৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰি উলিয়াইছে ১০৭ টা প্ৰকল্প। গুৱাহাটীৰ গোপীনাথ নগৰস্থিত গুৱাহাটী আই টি আইত আজি এই উদ্ভাৱনীমূলক প্ৰকল্পসমূহৰ প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। প্ৰকল্প সমূহ পৰিদৰ্শন কৰি মন্ত্রী বৰুৱাই কয় যে আজাদী কা অমৃত মহোৎসৱক বিষয় হিচাপে লৈ মডেল নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল। আই টি আইৰ বিভিন্ন ট্ৰেডৰ শিক্ষাৰ্থীসকলে সুন্দৰভাৱে মডেলসমূহ নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত তেওঁলোকৰ দক্ষতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে। তেওঁ কয় যে আমাৰ শিক্ষাৰ্থীসকলৰ কলাসূলভ মন এটা আছে। শিক্ষাৰ্থীসকলে গঠনমূলক চিন্তাৰে সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিছে। তেওঁ কয় যে চৰকাৰৰ লক্ষ্য হৈছে যে গ্ৰামাঞ্চলত তথা অতি পিছপৰা অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকশিত কৰা। চৰকাৰে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাই নহয় তেওঁলোকক উলিয়াই অনাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগীতামূলক ভাৱ এটা সৃষ্টি কৰাৰ লগতে উপযুক্ত প্লেটফ’ৰ্ম দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যাতে তেওঁলোকে সংস্থাপন লাভ কৰিব পাৰে। তেওঁ লগতে কয় যে কাৰিকৰী শিক্ষাৰ যোগেদি আত্মসংস্থাপনৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব দিছে।