লখিমপুৰ , ১৬ আগষ্ট : অসম অৰুণাচল সীমান্তবর্তী অঞ্চল ৰূপহী ৰাজগড়ত ১৪ আগষ্টৰ নিশা ৪০ জনীয়া আৰুণাচলী দুষ্কিকাৰীয়ে অসমৰ গাঁও আৰক্ষী বাহিনীৰ ৮ জনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণীৰ মতে ১৪ আগষ্ট নিশা ৰূপহী ৰাজগড়ত এটা গাঁওৰক্ষী বাহিনী দলে অৰুণাচলৰ এখন স্কৰপিঅ বাহনক ৰখোৱাক কেন্দ্র কৰিয়েই দুয়ো পক্ষৰ মাজত কথাৰ কটাকটি হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণাচলৰ এটি ৪০ জনীয়া দলে ৰূপহী ৰাজগড়ত খাপপিতি সীমান্তবর্তী এলেকাৰ বাসিন্দাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দা-চোকা অন্তৰে আক্ৰমণ চলায়। এই আক্ৰমণৰ ঘটনাত অসমৰ গাঁওৰক্ষী বাহিনীৰ ৮ জনকৈ লোক আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু আজি স্থানীয় ৰাইজে ঘটনাৰ দোষীক কৰায়ত কৰাৰ দাবীত অৰুণাচল সংযোগী সীমান্তৱৰ্তী ৰূপহী ৰাজগড়ৰ মূল পথ অৱৰোধ কৰে আৰু টায়াৰ জ্বলাই এক উত্তাল প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ দাবী শীঘ্ৰে অৰুণাচলী দুর্বৃত্তক আৰক্ষীয়ে কৰায়ত্ব কৰক অন্যথা অৰুণাচল প্ৰশাসনৰ বিৰুদ্ধে ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।
Home অসম আৰু উত্তৰপূব অসম অৰুণাচল সীমান্তৱৰ্তী ৰূপহী ৰাজগড়ত উত্তেজনা : অৰুণাচলীৰ দলবদ্ধ আক্ৰমণঃ অৰুণাচলীৰ বিৰুদ্ধে...