বাইহাটা চাৰিআলি, ১৭আগষ্ট: ভাৰতবৰ্ষৰ যশস্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যু তিথি উপলক্ষে কমলপুৰত ভাৰতীয় জনতা পাৰ্টী কমলপুৰ মণ্ডল আৰু বিহদিয়া জাজিকোনা মণ্ডলৰ উদ্যোগত কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় শ্ৰদ্বাঞ্জলী অনুষ্ঠান।শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ উপঃ সভাপতি হেমন্ত বৰাই উপস্থিত থাকি ভাৰতৰত্ন যশস্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলী আৰু বন্তি প্ৰজ্বলন কৰে।শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ কমলপুৰ মণ্ডলৰ সভাপতি কুমুদ কাকতি ,বিহদিয়া-জাজিকোনা মণ্ডলৰ সভাপতি উমেশ ডেকাৰ সহিতে প্ৰায় সংখ্যাক ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী উপস্থিত থাকি প্ৰয়াত প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।আনহাতে এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত কমলপুৰৰ জেষ্ঠ সাংবাদিক প্ৰদীপ ভৰালীক বিশেষ ভাৱে সম্বৰ্ধনা জনায় ।