ৰঙিয়া, ১৭ আগষ্টঃ ইণ্ডিয়ান অইল কৰ্পাৰেশ্যনত চাকৰি দিয়াৰ প্ৰলোভন দি সৰকালে লক্ষাধিক টকা । কামৰূপৰ ধুহিবালাৰ মনিৰুদ্দিন আহমেদ নামৰ ধৃত যুৱকজনে এই তিনি যুৱকক চাকৰিৰ প্ৰলোভন দি লৈছিল লক্ষাধিক টকা। ডিব্ৰুগড়ৰ মানসজ্যোতি দাস,সত্যজিৎ দাস,নৱজ্যোতি দাসৰ পৰা সৰকাই আনিছিল লক্ষাধিক টকা। আজি দিনৰ ভাগত ডিব্ৰুগড়ৰ তিনিগৰাকী যুৱক প্ৰৱঞ্চকৰ ঘৰত আহি উপস্থিত হোৱাত কোঠা বন্ধ কৰি প্ৰৱঞ্চকৰ বৃহত দলটোৱে প্ৰানে মৰাৰ ভাবুকি দিয়ে। প্ৰৱঞ্চকৰ ঘৰত হুলস্থুল পৰিবেশ সৃষ্টি হোৱাত ওচৰ চুবুৰীয়াৰ ভয়ত প্ৰৱঞ্চক মনিৰুদ্দিন আহমেদৰ নম্বৰ প্লেটত টেপ মৰা অ’ল্ট বাহন খনত ঘৰৰ পৰা উলিয়াই আনিছিল ধৃত মনিৰুদ্দিনে ।
অৱশেষত প্ৰৱঞ্চক মনিৰুদ্দিনৰ দিন বেয়া আছিল। ৰঙিয়া মৰানজানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ ভিতৰত তৰ্ক বিতৰ্ক চলি থকাত ৰাইজৰ সন্দেহ উপজাত, ৰাইজে সোধপোচ কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে । পিচত মৰাণজানাৰ স্থানীয় ৰাইজে হাতে-লোতে ধৰি প্ৰৱঞ্চক সহ তিনি যুৱকক আৰক্ষীক গতাই দিয়ে।
ইতিমধ্যে মনিৰুদ্দিন আহমেদ নামৰ ধৃত যুৱকজনে ৰঙিয়া নগৰত বহু ডকাইতিৰ ঘটনা সংঘটিত কৰি আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।