বঙাইগাঁও ১৭ আগষ্টঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডৰ এগৰাকী ৮ বছৰীয়া নাবালিকাই দক্ষিণ নাম্বাৰপাৰাৰ চাৰিআলি বজাৰৰ দোকান এখনত বিস্কুট কিনিবলৈ যায় । সেই বজাৰতে অৱস্থিত সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলীয়ে ৮ বছৰীয়া নাবালিকাক সোহা মেডিকেল দোকান খনৰ ভিতৰত মাতি লৈ যায় আৰু পৰ্ণ ভিডিও দেখুৱাই নাবালিকা জনীৰ কাপোৰ কানি ছিঙি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰি কোনোমতে লম্পট আমিনুল ইছলাম ওৰফে ওৱাহাব আলীৰ দোকানৰ পৰা পলাই যাবলৈ সক্ষম হয়। তাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত নাবালিকা জনীৰ পিতৃয়ে ন্যায় বিচাৰি অভয়াপুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত 372 /22. US 376AB/511 IPC আৰু R/W SEC 12/21 POCSO ACT ত গোচৰ পঞ্জীয়ন কৰে ।আচামী সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী বৰ্তমান পলাতক হৈ আছে ।