গুৱাহাটী,১৭ আগষ্টঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ পুনৰ দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মঙলবাৰৰ দিনটোত অসমত ২০২ জন লোক নতুন কৰ’না ভাইৰাছত আক্ৰান্ত হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা তথ্য অনুসৰি ১৬ আগষ্টত অসমত ক’ভিড-১৯ৰ পৰীক্ষা কৰা ৫৫০২ জন লোকৰ ভিতৰত ২০২ জনৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি। ১৫ আগষ্টত অসমত ৬৯০ জন লোকৰ ক’ভিড-১৯ পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত ২৫ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল। মন কৰিবলগীয়া কথা যে দেশত বিগত ২৪ ঘণ্টাত ৩৬ জন লোকৰ ক’ভিডত মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতে মঙলবাৰে মুঠ ৯,০৬২ টা নতুন ক’ভিড-১৯ সংক্ৰমণ নথিভুক্ত কৰিছে। বৰ্তমান দিল্লীৰ চিকিৎসালয়ৰ ৯ হাজাৰ কৰ’না বিচনাৰ ভিতৰত, ৫০০ৰোগীক ভৰ্তি কৰা হৈছে। ২১২৯ খন আইচিইউ বিচনাৰ ভিতৰত ২০ খনত সংক্ৰমিত ৰোগী আছে। একে সময়তে ৬৫ জন লোক ভেণ্টিলেটৰত আছে। উল্লেখ যে বহু লোক পুনৰ পুনৰ আক্ৰান্ত হৈছে।