নামৰূপ, ১৭আগষ্টঃ নামৰূপৰ বি.ভি.এফ.চি.এল’ৰ মুখ্য প্ৰৱেশ দুৱাৰ সন্মুখত আজি কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন (CLUN) আৰু বি.ভি.এফ.চি.এল মেনেজমেণ্ট’ৰ মাজত হোৱা চুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । বিগত ইংৰাজী ২০/৭/২০২২ তাৰিখে চিতু (Citu)ৰ অন্তৰ্গত কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন (CLLUN)ৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহুকেইজন বিষয়ববীয়াই আলোচনা কৰি পাঁচ বছৰীয়া এখন চুক্তি কৰে । বি.ভি.এফ.চি.এল মেনেজমেণ্টৰ লগত হোৱা উক্ত চুটি খনৰ সন্দৰ্ভত শ্ৰমিক সকলক কোনো কথা অৱগত নকৰাকৈ কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন (CLUN)ৰ বিষয়ববীয়া সকলে শ্ৰমিক আয়ুক্ত কাৰ্য‍্যালয়ত (Labour commissioner) চুড়ান্ত ৰূপ দিয়ে । এই চুক্তিখন চুড়ান্ত ৰূপ লাভ কৰাৰ পাছতে শ্ৰমিক সকলে আশা কৰা ধৰণে কোনো ধৰণৰ লাভালাভ আজিও দেখা নেপালো বুলি মন্তব্য প্ৰকাশ কৰে । শ্ৰমিকসকলৰ দাবী অনুসৰি গ্ৰেডেটেচন (Gradatation) গ্ৰেচুইটি (Gratuaity) ইত্যাদি সুবিধাৰ পৰা অহা পাঁচ বছৰলৈকে বঞ্চিত হোৱাৰ ওপৰিও কোনো ধৰণৰ সা-সুবিধা দাবী কৰিব নোৱাৰিব বুলি উধ্বতম কতৃপক্ষই স্বাক্ষৰ কৰা খবৰ শ্ৰমিক সকলে লাভ কৰাৰ পাছতে আজি নামৰূপ BVFCL ৰ মুখ‍্য প্ৰৱেশ দুৱাৰ সন্মুখত এনে ধৰণে শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় ।সমাগত দিনত শ্ৰমিক সকলৰ দাবী অনুসৰি চুক্তি খন সংশোধন নকৰিলে ধাৰাবাহিক ভাৱে ইয়াতকৈ জংগী প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰিছে । ইফালে কন্ট্ৰেকটৰ লেবাৰ ইউনিয়নৰ বিষয়ববীয়া সকলৰ এনে নিৰৱ ভূমিকাৰ বাবে ব‍্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে বুলিও সন্দেহ প্ৰকাশ কৰে শ্ৰমিক সকলে । এই বিষয় সন্দৰ্ভত চৰকাৰ তথা উধ্বতম কৰ্তৃপক্ষক তদন্ত কৰি ন‍াৰ্য‍্য পাপ‍্যৰ পৰা বঞ্চিত নকৰিবৈ আহ্বান জনাইছে নামৰূপ B.V.F.C.L ত কৰ্মৰত ঠিকা শ্ৰমিক সকলে।