ধূপধাৰা, ১৮ আগষ্টঃ শেহতীয়াকৈ গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।বুধবাৰে ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্ববৰ্তী পদুপাৰাৰ দেঁওশীলা নৈৰ বুকুৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে।কোনো চোৰাং কাঠ ব্যৱসায়ীয়ে দেওঁশীলা নদীত পানীৰ তলত লুকুৱাই ৰাখিছিল এই বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা খিনি।ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু ধূপধৰা খণ্ড বন বিভাগৰ বন বিষয়া,শিমলীতলা বন বিষয়াৰ যৌথ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা।জব্দকৃত শাল গছৰ কুণ্ডা সমূহ ধূপধৰা কাঠ ভঁৰাললৈ লৈ যায় বন বিভাগে।জব্দকৃত কাঠখিনি আনুমানিক 100 cft হ’ব যাৰ বজাৰ মূল্য পঞ্চাশ হাজাৰ হ’ব বুলি ধূপধৰা খণ্ড বন বিষয়া গৌতম গোপে ব্যক্ত কৰে।

Home অসম আৰু উত্তৰপূব ধূপধাৰাৰ পদুপাৰাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ...