চিৰাং, ১৮ আগষ্টঃ চিৰাং জিলাৰ বিজনীৰ ২ নং শিশুবাৰীৰ ৩ গৰাকী দালালৰ বাবেই গাঁওখনৰ ৮৬ টাকৈ পৰিয়াল বান সাহাৰ্য্যৰ পৰা বঞ্চিত হোৱাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী জলপানিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত উত্থাপিত হৈছিল । ইয়াৰ প্ৰতিবাদত যোৱা ৯ আগষ্টত ২ নং শিশুবাৰীৰ একাংশ ৰাইজে স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগত লৈ উক্ত দালাল তিনিজনৰ বিৰুদ্ধে ধৰ্ণা দিছিল। স্বাধীনতা দিৱসৰ বাবে কিছু পলমকৈ বৃহস্পতিবাৰে উক্ত ধৰ্ণাৰ বিৰুদ্ধে ওলাই আহিল গাঁওখনৰে একাংশ ক্ষোভিত গঞাঁ ৰাইজ। দালাল আখ্যা দিয়া নুৰ হুছেইন, পৰশুৰাম মণ্ডল আৰু দ্বীপেন চন্দ্ৰ মৈত্ৰীৰ সমৰ্থনত ওলাই আহিল একাংশ গঞাঁ ৰাইজ। ইয়াৰে নুৰ হুছেইন সুবাইঝাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক, পৰশুৰাম মণ্ডল সুবাইঝাৰ বুথ বিজেপিৰ সভাপতি আৰু দ্বীপেন চন্দ্ৰ মৈত্ৰী UPPL ৰ ২ নং শিশুবাৰীৰ গাঁও সদস্য । ৰাইজে কয় যে তেওঁলোকে বান সাহায্যৰ ধন বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিছে । কোনেও দালালি কৰা নাই।