নিউজ ডেক্স ঃ মানুহে প্ৰিয়জনক মৰম প্ৰকাশ কৰিবলৈ চুমা খাই, কিন্তু সেই চুমাটোৱেই যেতিয়া কাৰোবাৰ বাবে ঘাটক হৈ পৰে তেন্তে ই নিশ্চয় সকলোকে আচৰিত কৰি তুলিব। ঘটনাটো আচৰিত আচৰিত যেন লাগিলেও সত্য । এটা ঘটনা এতিয়া পোহৰলৈ আহিছে য’ত এগৰাকী যুৱতীয়ে চুমা খাই এজন যুৱকক হত্যা কৰিছে। যাৰ বাবে যুৱতীগৰাকী এতিয়া জেলত আছে । ঘটনাটো আমেৰিকাৰ। আৰক্ষীবিষয়াসকলে জনোৱা মতে যুৱতীগৰাকীয়ে তেওঁৰ এজন সহকৰ্মীক লগ কৰিবলৈ জেললৈ গৈছিল আৰু তাত তেওঁ যুৱকজনক এটা চুমা খোৱাৰ পিছতে, কাৰাগাৰত বন্দী হৈ থকা যুৱকজনৰ মৃত্যু হয়।জানিব পৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেচীৰ ৩৩ বছৰীয়া যৱতী ৰাচেল ডলাৰ্ডে মেথেনফিটামাইন ড্ৰাগছ মুখত ভৰাই ৰাখিছিল। যেতিয়া তেওঁ কাৰাগাৰত থকা জুচুৱা ব্ৰাউনক চুমা খাইছিল, তেতিয়া সেই ড্ৰাগছ তাৰ মুখলৈ সোমাই গৈছিল। ব্ৰাউনে তেতিয়া গোটেই ড্ৰাগছখিনি একেলগে গিলি পেলোৱাত অত্যাধিক পৰিমাণৰ ড্ৰাগছ পেটলৈ যোৱাৰ ফলত মৃত্যু হৈছিল । বন্দীজনৰ মৃত্যুৰ পিছত, আৰক্ষীয়ে ৰাচেলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।বিষয়াসকলে জনোৱা মতে ৰাছেলৰ বিৰুদ্ধে ব্ৰাউনৰ হত্যাৰ অভিযোগৰ লগতে আৰু কাৰাগাৰত ড্ৰাগস সৰবৰাহ কৰাৰ অভিযোগো আৰোপ কৰা হৈছে।কাৰাগাৰ প্ৰশাসনে কৈছে যে এই গোচৰটোত অৱহেলা কৰা সকলো বিষয়াৰ বিৰুদ্ধেও মোকৰ্দমা কৰা হ’ব আৰু অপৰাধীসকলক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব। আনহাতে জেৰাৰ সময়ত, ৰাহেলেও স্বীকাৰ কৰিছে যে তেওঁ আগৰ পৰাই ব্ৰাউনক কাৰাগাৰৰ ভিতৰত ড্ৰাগছ যোগান ধৰিছিল।