জামুগুৰিহাটৰ, ২০ আগষ্টঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ২৬৭ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ -বোকাখেচা ভাওনা ৷ এই উদ্দেশ্যৰে শুক্ৰবাৰে পূৱাৰে পৰা পাতলৰচুক গাওঁলৈ ভক্তৰ লানি নিছিগা সোঁত ৷ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে পাতলৰচুক গাঁৱক কৰি তুলিছে বৈকুণ্ঠপুৰী ৷ শ, শ শৰাই শলিতা আগবঢ়াই ভক্ত প্ৰান ৰাইজে আৰ্শীৱাদ লয় ভগবন্তৰ কাষত ৷ সন্ধিয়া নামঘৰ চৌহদত শ শ ৰাইজে চাকি বন্তি জ্বলাই মনোবাঞ্চা পুৰণৰ্থে ভগৱানৰ আশীষ গ্ৰহণ কৰে ৷ আজি প্ৰতিকী ৰূপত ৰাইজে বোকাখেচা ভাওনা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ উল্লখ্য যে এই ভাওনা অনুষ্ঠিত নকৰিলে গাওঁখনত নানা অপায়-অমংগলে দেখা দিয়ে বুলি ৰাইজৰ বিশ্বাস ৷ ভাওনাৰ দিনটোত গাওঁবাসী ৰাইজে উপবাসে থাকে বুলিও জানিব পৰা গৈছে ৷