তিনিচুকীয়া ২০ আগষ্ট: তিনিচুকীয়াত বানপানীত ক্ষতিগ্ৰস্ত হোৱা ২১ টা পৰিয়াললৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণ কাৰ্য্যসূচী আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে শুভাৰম্ভণি কৰা পুনৰ্বাসন অনুদান পুঁজি বিতৰণ কাৰ্য্যসূচীৰ অধীনত আজি পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে চলিত বৰ্ষৰ প্ৰলয়ংকৰী বানত তিনিচুকীয়া জিলাত সম্পূর্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ১৭ টা পৰিয়াললৈ ৯৫,১০০ টকাকৈ আৰু আংশিকভাবে ক্ষতিগ্ৰস্ত ৪ টা পৰিয়াললৈ ৩,২০০ টকাকৈ পুনৰ্বাসন অনুদান পুঁজি বেংক একাউন্টত জমা কৰা হয়। উক্ত কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ৫ গৰাকী বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ্বাসন অনুদান পুঁজিৰ চেক আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়। আনহাতে আজিৰ কাৰ্য্যসূচীতে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো “অৰুণোদয় মাহ”ৰ শুভাৰম্ভণি কৰা হয় । অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি ক্ৰীড়া ও যুৱ কল্যাণ বিভাগৰ সচিব ফাৰুক আলম মহোদয়ে তিনিচুকীয়া জিলাত এই অৰুণোদয় মাহৰ শুভাৰম্ভণি কৰে। আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত শ্ৰী দিপু কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত শ্ৰী সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত শ্ৰী চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত শ্ৰী মনজিৎ বৰকাকতী প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল। জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি প্ৰদানৰ বাবে লোৱা ক্ষিপ্ৰ পদক্ষেপৰ বাবে সন্তোষ প্ৰকাশ কৰে। উপায়ুক্ত শ্ৰী পৱাৰে আজিৰে পৰা আৰম্ভ হোৱা অৰুণোদয় মাহত জিলাখনত এন. চি. চি আৰু এন.এচ.এচৰ দ্বাৰা সমীক্ষা চলোৱা হব আৰু জিলাখনত কেৱল যোগ্য হিতাধিকাৰীয়েহে যাতে অৰুণোদয় আচঁনিৰ সুফল লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা হব বুলি উল্লেখ কৰে। ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰী সুৰেন ফুকন মহোদয়ে সকলোকে আন্তৰিকতাৰে তথা দায়িত্বসহকাৰে অৰুণোদয়ৰ সমীক্ষাৰ কাম কৰিবলৈ আহ্বান জনায়। যাতে, কোনো অযোগ্য হিতাধীকাৰিয়ে য়ে এই আচঁনিখনৰ সুবিধা লাভ কৰিব নোৱাৰে। ক্ৰীড়া ও যুৱ কল্যাণ বিভাগৰ সচিব শ্ৰী ফাৰুক আলম মহোদয়ে পুনৰ্বাসন অনুদান পুঁজি মোকলাই দিয়াৰ ক্ষেত্রত বৰ্তমানৰ চৰকাৰে ক্ষীপ্র পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে যথেষ্ট সকাহ পাব বুলি উল্লেখ কৰে। জিলাখনত অৰুণোদয় মাহৰ শুভাৰম্ভণি কৰি সকলোকে নিষ্ঠা সহকাৰে সমীক্ষা চলাবলৈ মাননীয় সচিবগৰাকীয়ে আহ্বান জনায়।
Home অসম আৰু উত্তৰপূব তিনিচুকীয়াত চলিত বৰ্ষৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা ২১ টা পৰিয়াললৈ পুনৰ্বাসন অনুদান পুঁজি। সমগ্ৰ...