গুৱাহাটী,২০ আগষ্টঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বন্ধ হ’ব ১৬ খন চৰকাৰী বিদ্যালয়। অৰ্থাৎ গুৱাহাটীৰ ১৬ খন চৰকাৰী বিদ্যালয়ক সংলগ্নকৰণ প্ৰক্ৰিয়াত সামৰি লোৱা হ’ব। এই সন্দৰ্ভত ইতিমধ্যৰ জাৰি কৰা হৈছে জাননী। লক্ষণীয় বিষয় যে যি সময়ত ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হৈছে তথা বিদেশী নেতা দিল্লীৰ শিক্ষা ব্যৱস্থা চাবলৈ দিল্লী ভ্ৰমণ কৰিছে, নিউয়ৰ্ক টাইমছৰ দৰে কাকতৰ প্ৰথম পৃষ্ঠাত ফটোসহ দিল্লীৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে সংবাদ পৰিৱেশন হৈছে সেই সময়তে অসমৰ শিক্ষা ব্যৱস্থা নিত্য নতুন বিতৰ্কত সাঙোৰ খাই পৰিছে। শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপকলৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ ১৬ খনকৈ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশনাক লৈ সম্প্ৰতি চৰ্চা চলিছে। শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে একত্ৰীকৰণ কৰিব মহানগৰৰ ১৬ খনকৈ বিদ্যালয়। এই শিক্ষানুষ্ঠান কেইখনত শিক্ষা বিভাগে ৩০ তকৈ কম শিক্ষাৰ্থী থকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ বাবে জাৰি কৰা নিৰ্দেশনাটোত থকা ১৬ খন বিদ্যালয় হৈছে – নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল। এই ১৬ খন বিদ্যালয়ক আন ১৫ খন বিদ্যায়ৰ লগত একত্রীকৰণ কৰা হ’ব। চৰকাৰী নিৰ্দেশনা অনুসৰি জীৱনৰাম দুৰ্গা সৰোবৰ এল পি স্কুলৰ সৈতে সংলগ্ন হ’ব নামনি কামাখ্যা এল পি স্কুল, প্ৰাথমিক হিন্দী এল পি স্কুলৰ সৈতে বীণাপানী হিন্দী এল পি স্কুল, ভৰলুমুখ এল পি স্কুলৰ সৈতে মাছখোৱা মাজিদা এল পি স্কুল, লালসিং এল পি স্কুলৰ সৈতে খাৰঘূলী শিশু বিদ্যাপীঠ, মাজগাঁও বালক এল পি স্কুলৰ সৈতে মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰেশ্বৰ এল পি স্কুলৰ সৈতে ৰুদ্ৰ সিং এল পি স্কুল, বনমজা এল পি স্কুলৰ সৈতে উত্তৰ বনমজা এল পি স্কুল, পুতুলি এল পি স্কুলৰ সৈতে কটকীপৰা এল পি স্কুল, আমিনগাঁও বেংগলী এল পি স্কুলৰ সৈতে লাচিত গড় এল পি স্কুল, উত্তৰ গুৱাহাটী এম ই স্কুলৰ সৈতে টিলিং গাঁও এল পি স্কুল আৰু ঘোঁৰামৰা এল পি স্কুল, বিৰুবাৰী ৰূপনগৰ এম ই স্কুলৰ সৈতে জনজাতি এম ই স্কুল, ৰূপনগৰ বিদ্যাপীঠ এম ই স্কুলৰ সৈতে জিতেন্দ্ৰ নাথ এম ই স্কুল, লালসিং হাইস্কুলৰ সৈতে চিত্ৰাঞ্চল এল পি স্কুল, কটন কলেজিয়েটৰ সৈতে আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু পূব গুৱাহাটী আৰ্চ উচ্চতৰ মাধ্যমিকৰ সৈতে সংলগ্ন হ’ব নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল। একত্রীকৰণৰ লগে লগে এই বিদ্যালয়সমূহ অস্তিত্বহীন হৈ পৰিব। ইফালে চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লক্ষণীয় বিষয় যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৩০ খন বিদ্যালয়ৰ এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল। তেনেস্থলত এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ’ব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ যে শিক্ষাৰ সংস্কাৰৰ নামত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঠনি উন্নত কৰাৰ লগতে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ বিপৰীতে চৰকাৰে বিদ্যালয়সমূহ নোহোৱা কৰাৰ আখৰাতহে ব্যস্ত হৈ পৰিছে।