গুৱাহাটী,২০ আগষ্টঃ মহানগৰীত শনিবাৰে পুৱাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান। মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে এখন হোটলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়। পিছত হোটেলখনৰ পৰা আন দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হয়। অগ্নিকাণ্ডটোৰ পিছতে সমগ্ৰ অঞ্চলজুৰি ধোঁৱাৰে আৱৰি ধৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। বৰ্তমানলৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই। ইফালে এই ঘটনাৰ বাবে জি এছ ৰোডত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
