তিনিচুকীয়া ২০ আগষ্ট: বিগত সময়চোৱাত তিনিচুকীয়াৰ ডিব্ৰু নদীত গা ধুবলৈ গৈ বহু লোকৰ মৃত্যু হৈছে। আজি পুনৰ এনে ঘটনাৰ বাবে হৃদয় কঁপাই তুলিছে ডিব্ৰু নদীৰ কাষৰীয়া স্থানীয় ৰাইজক সমগ্ৰ অঞ্চলজুৰি ।
শনিবাৰে তিনিচুকীয়াৰ নতুন গাঁৱৰ কলিয়াপানী সমীপৰ ডিব্ৰু নদীত গা ধুবলৈ গৈ দুজন যুৱকৰ সলিল সমাধি ঘটে । উক্ত দুই যুৱক ক্ৰমে তিনিচুকীয়াৰ বৰগুৰিৰ মাধুৰ্য কলিতা (২৩+) আৰু আন জনৰ নাম ৰিশৱ গোহাঁই (২৩+) বুলি জানিব পৰা গৈছে। উক্ত ঘটনাই এতিয়া সকলোৰে মনত ক্ৰিয়া কৰি যোৱাৰ লগতে সৃষ্টি হৈছে এক অভাৱনীয় পৰিৱেশ।
ঘটনাস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত হোৱাৰ লগতে SDRF ৰ এটা বাহিনীয়ে ডিব্ৰু নদীত উদ্ধাৰ অভিযান চলাই দুই যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।