লখিমপুৰ, ২১আগষ্ট, : লখিমপুৰ ৰেড ক্ৰছ চছাইটিৰ উদ্যোগত আৰ জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সহযোগত জিলাখনৰ এটা বানবিধস্ত অঞ্চল নাওবৈছাৰ গোসানীবাৰী প্রাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা আৰু ঔষধ বিতৰণ শিবিৰ আয়োজন কৰা হয় ।উক্ত শিবিৰত অঞ্চলটোৰ আশে পাশে থকা প্ৰায় দুই শতাধিক লোকক স্বাস্থ্য পৰীক্ষাৰ কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ প্ৰবীণ মিলি,ডাঃ ৰাম প্ৰসাদ পাৱে আৰু ডাঃ শাহীল পাৰভেজ আজাদে ।ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ অধ্যক্ষ ৰাজেশ মালপানীয়ে চিকিৎসা শিবিৰৰ শুভাৰম্ভ কৰে । সম্পাদক ৰাজীৱ শৰ্মাই আঁতধৰা অনুষ্ঠানটোত চছাইটিৰ উপাধ্যক্ষ দ্বয় সৰু বৰা,কুলনাথ ভৰালী, জুনিয়ৰ সম্পাদক বিনোদ ধান, যুৱ শাখাৰ সম্পাদক হিৰণ্য শৰ্মা উপস্থিত থকাৰ লগতে সহযোগিতা আগবঢ়োৱা জিলা আইন সেৱা প্ৰাধিকৰণ তৰফৰ বদন কলিতা উপস্থিত থাকে।