বৰপেটা,২২ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন পি এচ চৰকাৰী কৰ্মচাৰীসকলে আজি এক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। এন পি এচ কৰ্মচাৰী সকলে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ লগতে অন্যান্য কাজ-কামসমূহ স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। সম্প্ৰতি এন পি এচ কৰ্মচাৰী সকলে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্ত্তন কৰাৰ দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে, এই সন্দৰ্ভত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক পদ্ধতিৰে এক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।