চাপৰ, ২২ আগষ্টঃ চাপৰ শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩৪৩ নং ৰত্নপীঠ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মৈয়মতালি। সময়ত উপস্থিত নহয় বিদ্যালয়খনৰ একাংশ শিক্ষক। ৰাইজৰ অভিযোগ বিদ্যালয়খনৰ শিক্ষক দীপক বৰুৱাৰ লগতে একাংশ শিক্ষয়িত্ৰী সময়ত নাহে বিদ্যালয়ত। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে যি সময়ত দিনে নিশাই অহৰহ চেষ্টা কৰিছে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ হিতাৰ্থে কাম কৰিছে কিন্তু তেনে সময়ত সতীৰ্থ দীপক বৰুৱাৰ দৰে শিক্ষক আৰু একাংশ শিক্ষয়িত্ৰীৰ সহোযোগ নকৰাত বিপাঙত পৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে। যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্ম সংস্কৃতিৰ কথা কৈছে ঠিকে একে সময়তে কৰ্ম সংস্কৃতিৰ নগ্ন স্বৰূপ দাঙি ধৰিছে বিদ্যালয়খনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰী।ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকে বিদ্যালয়খনত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ লোৱাত শিক্ষক দীপক বৰুৱাই গুণ্ডাৰ দৰে আচৰণ কৰি সাংবাদিকক বাতৰি সংগ্ৰহ কৰাত বাধা আৰোপ কৰে।