গুৱাহাটী,২৩ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চমন জাৰি কামৰূপ চি জে এম আদালতৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত কামৰূপ চি জে এম আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক আদালতত হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছোদিয়াক ২৯ ছেপ্টেম্বৰত হাজিৰ হবলৈ নিৰ্দেশ দিছে। ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ কোম্পানীক পি পি ই কীটৰ ঠিকা দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল মনীষ ছিছোদিয়াই। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই চিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰিছিল। উল্লেখ্য যে দিল্লীত সংবাদ মেলৰ জৰিয়তে আপৰ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্রীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে পি পি ই কীটৰ নামত কেংলেকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল। সংবাদমেলত পি পি ই কিট কেলেংকাৰীৰে জেছিবি ইণ্ডাষ্ট্ৰীছ আৰু ৰিণিকি ভূঞা শৰ্মা জড়িত থকাৰ অভিযোগ তুলিছিল ছিছোদিয়াই। এই অভিযোগ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফৌজদাৰী মানহানিৰ গোচৰ ৰজু কৰিছিল। উল্লেখ যে ইয়াৰ পূৰ্বে একেটা অভিযোগ সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই দেৱানী মানহানি গোচৰ ৰুজু কৰিছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা গোচৰটোৰ ভিত্তিত আদালতত উপস্থিত হ’ব লাগিব মনীষ ছিছোদিয়া। ইফালে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২২ জুলাইত আদালতত উপস্থিত হৈ তেওঁ আৱেদনত উল্লেখ কৰা অভিযোগ সন্দৰ্ভত আদালতত স্পষ্টকৈ মৌখিকভাৱে জনাইছিল।