ৰঙিয়া, ২৩ আগষ্টঃ ৰঙিয়াৰ বৰদলস্থিত উত্তৰণ মৎস উৎপাদন কেন্দ্ৰত উপস্থিত হয় বিশ্ব বেংকৰ উপ অধ্যক্ষ, মাৰ্টিন ৰাইজাৰ, Country director ড: আগষ্টি ট’ন, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ ড: এণ্ডৰিউৰ লগতে বহু কেইগৰাকী উচ্চপদস্থ বিষয়া। বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যৰে ৰূপায়িত এপাৰ্ট আঁচনিৰ অধীনৰ উত্তৰণ মৎস উৎপাদন কেন্দ্ৰত এই কোম্পানী টোৰ লগত বৰ্তমান প্ৰায় এহেজাৰ হিতাধিকাৰী জড়িত হৈ আছে। এই কোম্পানীটোত কি ধৰণে কামবোৰ চলি আছে সেয়া‌ নিৰীক্ষণ কৰে বিষয়া কেইগৰাকীয়ে। অনাগত সময়ত মীন পালক সকলে যিকোনো সময়ত উন্নত মানদণ্ডৰ পোনা মাছ ইয়াত পাব বুলি আশা ব্যক্ত কৰে কতৃপক্ষই।

ইফালে প্ৰায় ১০০০ হিতাধিকাৰীৰ নিৰলস প্ৰচেষ্টাত ফাৰ্ম খনত বিভিন্ন প্ৰজাতিৰ মৎস্য উৎপাদনৰ উপৰিও কেচু সাৰ, নিমু টেঙা, শুকান মাছ সহ বিভিন্ন শাক পাচলি উৎপাদন কৰি মহিলা সকলে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।