তামুলপুৰ, ২৩ আগষ্টঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাতো নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰাৰ দাবীত তামুলপুৰস্থিত বিভিন্ন শিক্ষানুষ্ঠানৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰে৷ জিলাখনৰ নাগ্ৰীজুলিৰ খাটৰবাৰী হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী সকলকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ এন পি এছ আঁচনিৰ অধীনস্থ শিক্ষক শিক্ষয়িত্ৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে সোমবাৰে কৰ্মবিৰতি পালন কৰি নতুন পেঞ্চন আঁচনিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। জিলাখনৰ আন আন প্ৰান্তৰ লগতে খাটৰবাৰী হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলেও হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ এন পি এছ বাতিল কৰক, ন’ এন পি এছ ন ৰেষ্ট, আমাক ন্যায় লাগে ন্যায় দিয়ক, পুৰণি পেঞ্চন আঁচনি প্ৰদান কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। আনহাতে তামুলপুৰ জিলা সদৰকে ধৰি নাগ্ৰীজুলি, নাওঁকাটা, গোৰেশ্বৰ, কুমাৰীকাটা, দ্বাৰকুছি আদিতো এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।