গুৱাহাটী,২৪ আগষ্টঃ ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ সাহিত্য একাডেমী-২০২২ যুৱ বঁটা। অসমীয়া ভাষাত প্রদ্যুন্ম কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে এই বঁটা। ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্রন্থখনৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা। আনহাতে বড়ো ভাষাত আলাংবৰ মুছাহাৰীলৈ আগবঢ়োৱা হৈছে এই বঁটা। ‘গাং ফুজানে মাছে দৌ’ শীৰ্ষক গ্রন্থৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা। সেইদৰে লেখক-সাংবাদিক দিগন্ত ওজালৈ আগবঢ়োৱা হৈছে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা। ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা।