গুৱাহাটী,২৪ আগষ্টঃ অসুস্থ মেৰী কম। হাস্পতালৰ বিচনাত সময় পাৰ কৰিছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে। আঁঠুৰ আঘাতৰ সমস্যা থকা মেৰী কমৰ মঙ্গলবাৰে এক অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত অস্ত্ৰোপচাৰ সম্পন্ন হোৱা মেৰী কম এতিয়া আছে হাস্পতালৰ বিচনাত।
অলিম্পিক পদক বিজয়ী মেৰী কমে জুন মাহত কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জনকাৰী এখন মেচৰ সময়ছোৱাত আঘাতৰ সন্মুখীন হৈছিল। উল্লেখ্য যে আঘাতৰ বাবেই মেৰী কমে বাৰ্মিংহাম কমনৱেল্থ গেমছত অংশ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল। ইয়াৰ পূৰ্বে অৰ্থাত ২০১৮ত ইতিহাস সৃষ্টিৰে মেৰীয়ে লাভ কৰিছিল স্বৰ্ণ পদক। আনহাতে একাধিকবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী বক্সাৰ মেৰী কম।