লখিমপুৰ, ২৫ আগষ্ট — অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজন প্ৰস্তুতৰ লগত জড়িত ৰন্ধন কৰ্মীসকলক যোৱা আঠ মাহে তেওঁলোকৰ প্ৰাপ্য পাৰিতোষিক আদায় নিদিয়াৰ প্ৰতিবাদত লখিমপুৰ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত আজি জিলাখনৰ শ শ ৰন্ধন কৰ্মীয়ে পদযাত্ৰাৰে লখিমপুৰ নগৰৰ পৰিবেশ উত্তাল কৰি তোলাৰ লগতে তেওঁলোকৰ বহুকেইটা দাবী অতিশীঘ্ৰে পুৰণ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মালৈ বুলি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে অভিযোগ কৰা মতে, ৰন্ধন কৰ্মীসকলে তেওঁলোকৰ দাবীসমূহ চৰকাৰক পূৰণ কৰাৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰতি আজিকোপতি কোনো উদ্যোগ গ্ৰহণ কৰা নাই। মধ্যাহ্ন ভোজন আঁচনিখনক বৰ্তমান চৰকাৰে প্রধানমন্ত্রী পোষণ শক্তি নির্মাণ বা চমুকৈ পি এম পোষণ নামাকৰণ কৰি অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানক হস্তান্তৰ কৰিবলৈ উঠি পৰি লগা কাৰ্যক সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে। উল্লেখ্য যে, চৰকাৰে যদিহে অক্ষয় পাত্ৰ ফাউণ্ডেচনক বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব অৰ্পণ কৰে তেন্তে শিশু শিক্ষার্থীসকল সতেজ খাদ্য লাভৰ পৰা বঞ্চিত হ’ব আৰু ২০০৫ চনৰ পৰা অতি সামান্য পৰিমাণৰ মাননিৰে কাম কৰি অহা দুখীয়া ৰন্ধন কৰ্মীসকলৰো কামৰ নিৰাপত্তা নোহোৱা হ’ব। যি সময়ত দেশৰ বহুতো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধি কৰাকে ধৰি উৎসৱ ভাট্টা, কাপোৰ, বীমা আদিৰ সুবিধা প্ৰদান কৰি আহিছে সেই সময়ত অসমৰ ৰন্ধন কৰ্মীসকলে বছৰটোৰ ১০ মাহৰ বাবে কেৱল মাত্র ১৫০০ টকাহে লাভ কৰাটো অতি দুখজনক কথা। অত্যন্ত পৰিতাপৰ বিষয় যে চৰকাৰে ২০২২ বৰ্ষৰ আঠ মাহ উকলি যোৱাৰ পিচতো আজিপৰ্যন্ত ৰন্ধন কৰ্মীসকলক তেওঁলোকৰ প্ৰাপ্য মাননিৰ ধন আদায় দিয়া নাই। আনহাতে চৰকাৰী বিদ্যালয় সমূহত প্রয়োজনীয় শিক্ষক নিয়োগকে ধৰি আন্তঃগাঠনিৰ দুৰ্বলতা আঁতৰ নকৰি শিক্ষাৰ্থীৰ অভাৱৰ অজুহাতত বিদ্যালয় একত্ৰীকৰণে দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শিক্ষাগ্ৰহণত বাধাৰ সৃষ্টি কৰাৰ লগতে ৰন্ধন কর্মীও কৰ্মচ্যুত হৈ আছে। সেয়েহে অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিয়ে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰখনৰ জৰিয়তে মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ বন্ধ কৰা, ৮ মাহৰ অনাদায় মাননি শীঘ্ৰে সম্পূর্ণ আদায় দিয়া আৰু ন্যুনতম মজুৰি আইনমতে ৰন্ধন কর্মীসকলক মাননি দিয়া তথা বিদ্যালয় সংলগ্নীকৰণৰ নামত ৰাজহুৱা শিক্ষাৰ সংকোচন আৰু ৰন্ধনকৰ্মীক কর্মচ্যুত কৰাৰ নীতি বাতিল কৰাৰ দাবী জনাইছে।