গুৱাহাটী,২৫ আগষ্টঃ বিপদত বহু বল্কি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নিজৰ কথা আৰু কামৰ বাবেই তেওঁ ৰোষত পৰিছে বিজেপি দলৰ মাতৃ সংগঠন আৰ এছ এছৰ। আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব নাৰাজ হৈছে ন-মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত। ৰোষৰ সন্মূখীন হৈছে হিন্দুত্ববাদী দল-সংগঠনৰ। হকে-বিহকে বিভিন্ন বিষয়ৰ ওপৰত নিজা মতামত দি বিতৰ্কৰ সৃষ্টি কৰা জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ বিজেপিৰেই ছাত্ৰ সংগঠন এবিভিপি সম্পৰ্কে বিভিন্ন আপত্তিজনক মন্তব্য কৰি সংগঠনটোৰ ৰোষত পৰিছে। শিক্ষাৰ মাধ্যম সম্পৰ্কে সৃষ্টি হৈ থকা বিতৰ্কৰ সম্পৰ্কত নিজৰ মতামত আগবঢ়াবলৈ গৈ এবিভিপিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল মন্ত্রীগৰাকীয়ে। উল্লেখ্য যে অসম চৰকাৰে অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধীতা কৰিছে এবিভিপিয়ে। এই সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল সংগঠনটোৱে। পিছে বহু বল্কি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ বৌদ্ধিক চিন্তাৰ অন্যতম কঠিয়াতলি সদৃশ এবিভিপি সম্পৰ্কে বহু আপত্তিজনক মন্তব্য কৰাৰ লগতে সংগঠনটোৱে বিজেপি দলৰ লগত আলোচনা নকৰাকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰে বুলি ক’বলৈও সাহ কৰিছিল। ইয়াৰ পিছতে এবিভিপিয়ে জয়ন্ত মল্ল বৰুৱাক উভতি ধৰাত সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ সপক্ষে যুক্তি দি দুখ প্ৰকাশ কৰিছিল। কিন্তু জয়ন্ত মল্ল বৰুৱাক লৈ সংগঠনটোৰ অসন্তুষ্টি দূৰ হোৱা নাই। যাৰবাবে পুনৰ সংগঠনটোৱে পুনৰ বিবৃত্তি যোগে জয়ন্ত মল্ল বৰুৱাক শিক্ষা বিভাগৰ কথা বাদ দি নিজৰ বিভাগৰ ওপৰত গুৰুত্ব দিবলৈ সকিয়াই দিছিল। লগতে এবিভিপি সম্পৰ্কে কোনো কথা নজনাকৈ মন্তব্য নকৰিবলৈ সকিয়াই দিছে। জানিব পৰা মতে জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কথা আৰু কাম-কাজক লৈ বাৰুকৈয়ে অসন্তুষ্ট হৈ পৰিছে আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব। যাৰ পৰিপ্ৰেক্ষিতত ক্ষমা খোজিও তৎ নোপোৱা জয়ন্ত মল্ল বৰুৱা সংবাদ মাধ্যমৰ পৰা আঁতৰত আছে। বৰ্ত্তমান তেওঁ আছে মহাৰাষ্ট্ৰত।
![](http://fearlesspress.in/wp-content/uploads/2022/08/a4ea5f70a5278dca72a45017f90f6082.png)