লখিমপুৰ, ২৫ আগষ্ট : উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নৰ্থ লখিমপুৰ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী যুৱতীৰ মাজত ফেচবুক, মেচোৰ আৰু ৱাটচ এপত যৌনগন্ধি বার্তালাপ কৰাৰ কেতবোৰ স্কিন চৰ্ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ ফলত আজি মহাবিদ্যালয়খনৰ মুখ্য প্রবেশদ্বাৰত একাংশ ছাত্র সংগঠনে উত্তাল প্রতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ অব্যক্ষৰ গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনায়। সামাজিক মাধ্যমত ভাইৰেল হোৱা উজ ঘটনাই লখিমপুৰবাসীক স্তম্ভিত কৰি তোলাৰ সময়তে আজি মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়েও ইয়াৰ তীব্ৰ বিৰোধিতা কৰি উচিত অনন্তৰ দাবী জনায়। আজি মহাবিদ্যালয়খনৰ মূল প্রবেশপযত আছুৱে বিমান চেতিয়াৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে আৰু অধ্যক্ষৰ শাস্তিৰ লগতে অপসাৰণৰ দাবী জনায়। ইপিনে অসম জাতীয়তাবাদী যুৱ পৰিষদ, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ আদি সংগঠনসমূহে অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগৰ তীব্র নিন্দা কৰে । মহাবিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়ত অঘটনৰ আশংকা কৰি পুৱাৰে পৰা জিলা প্রশাসনে বৃহৎ সংখ্যক আৰক্ষী, অর্ধ সামরিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ণৰ চেষ্টা চলায়। আনহাতে আজি ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ গোজ পেগুৱে এই ঘটনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যৰ উচ্চ শিক্ষা বিভাগক তাৎক্ষণিক ভাবে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি বিষয়টো সঠিক তদন্তৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখন গুরুত্বপূর্ণ বৈঠক আজি অনুষ্ঠিত হয়। অৱশ্যে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সম্পর্ক আজি অধ্যক্ষগৰাকীয়ে কয় যে তেওঁৰ ফেচবুক আই ডি হেক কৰি কোনো দুষ্টচক্ৰই ভুৱা এনে দুষ্কার্য সংঘটিত কৰিছে। উল্লেখ্য যে যোৱা নিশা মহাবিদ্যালয়খনৰ অধ্যক্ষই লখিমপুৰ সদৰ থানাত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে । ইফালে আজি আছুৰ নেতা স্বৰাজ শংকৰ গগৈয়ো কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে সেই অভিযোগে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ কলুষিত কৰিছে। সেয়ে এই গৰাকী অধ্যক্ষক শীঘ্ৰে নিলম্বিত কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী জনায়। অসম জাতীয়তাবাদী যুব পৰিষদেও অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰৰ পৰা কঠোরতম শাস্তিৰ দাবী জনায়। বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়েও বিমান চেতিয়াৰ দৰে এগৰাকী অধ্যক্ষই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ সুনামত কালিমা সানিলে। সেয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষজনেৰ বিরুদ্ধে যি অভিযোগ উঠিছে এই অভিযোগৰ সত্যাসত্য নিৰাপনৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী। জনায়। তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত ডঃ বিমান চেতিয়াক দায়িত্বৰ পৰা সাময়িক ভাবে অব্যাহতি দিয়াবো দাবী জনায়। একেদৰে হিন্দু যুৱ পৰিষদেও মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণৰ দাবী জনায়।

Home অসম আৰু উত্তৰপূব নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি : অধ্যক্ষ আৰু যুৱতীৰ মাজত অশ্লীল বার্তালাপ...