নয়নমণি ফুকন, নাজিৰা ২৬ আগষ্ট :- শেহতীয়কৈ অ’ এন জি চিৰ কৰ্মচাৰী , অৱসৰপ্ৰাপ্ত কৰ্মচাৰী – পৰিয়ালৰ ৰোগীক দৰৱ যোগান ধৰাৰ ঠিকা লাভ কৰা বহিৰাগত ব্যৱসায়ীক প্ৰতিষ্ঠান এপ’ল’ৰ কৰ্মকাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে নাজিৰাৰ একাংশ জনসাধাৰণ। উল্লেখযোগ্য যে এঘাৰ মাহৰ পূৰ্বে স্থানীয় দৰৱ ব্যৱসায়ীক মাধমাৰ সোধাই বহিৰাগত ব্যৱসায়ীক প্ৰতিষ্ঠান এপ’ল’ই তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) ক দৰৱ যোগান ধৰাৰ ঠিকা লাভ কৰিছিল। স্থানীয় বহু দৰৱ ব্যৱসায়ী তথা ফাৰ্মাচিৰ প্ৰতিবাদৰ পিছতো অ’ এন জি চিয়ে দৰৱ যোগানৰ ক্ষেত্ৰত ঠিকা প্ৰদান কৰিছিল বহিৰাগত ব্যৱসায়ীক প্ৰতিষ্ঠানটোক। কিন্তু শেহতীয়াকৈ এপ’ল’ৰ কেতবোৰ কৰ্মকাণ্ডই ক্ষোভিত কৰি তুলিছে স্থানীয় জনসাধাৰণক। নাজিৰাস্থিত অ’ এন জি চিৰ আৱাসিক এলেকাত এখন ফাৰ্মাচী স্থাপন কৰি এপ’ল’ই দিনটোৰ ২৪ ঘন্টাই গ্ৰাহকক দৰৱ তথা স্বাস্থ্য সম্বন্ধীয় সা-সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও গ্ৰাহকক প্ৰয়োজনীয় দৰৱ যোগানৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বহু গ্ৰাহকে প্ৰয়োজনীয় দৰৱ বিচাৰি প্ৰতিষ্ঠানটোলৈ আহিও বিমুখ হ’বলগীয়া হৈছে। আনহাতে একাংশ গ্ৰাহকে অভিযোগ তোলা অনুসৰি প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোত উপলব্ধ নোহোৱা দৰৱ সমূহ নিৰ্দিষ্ট দিনৰ ব্যৱধানত আনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যোগান নধৰাত ৰোগী তথা আত্মীয়ই প্ৰতিষ্ঠানটোলৈ প্ৰয়োজনীয় দৰৱৰ বাবে দিনৰ পিছত দিন ধৰি বাটকুৰি বাবলগীয়া হৈছে। বহু গ্ৰাহকে এপ’ল’ৰ এনে কাৰ্যত অতীস্থহৈ ইতিমধ্যে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলৰ সৈতে বাক – বিতণ্ডাত লিপ্তহোৱাতো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। ইয়াতে ক্ষান্ত নাথাকি প্ৰতিষ্ঠানটোৱে দৰৱ তথা স্বাস্থ্য খণ্ডত ব্যৱহৃত অন্যান্য সামগ্ৰী ছপা দামতকৈ অধিক দামত বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য অনুযায়ী নাজিৰাৰ এজন যুৱকে দহখন ছাৰ্জিকেল ব্লেড ক্ৰয় কৰে প্ৰতিষ্ঠানৰ নাজিৰা অ’ এন জি চিৰ আবাসিক এলেকাত থকা এপ’ল’ৰ ফাৰ্মাচীখনৰ পৰা। প্ৰতিখন ব্লেডৰ দাম ছয় টকাকৈ লিখা থকা স্বত্তেও নিৰ্ধাৰিত দামতকৈ ১৬ টকা অধিক লৈ প্ৰতিষ্ঠানটোৱে যুৱকজনৰ পৰা ৭৬ টকা আদায় লয় আৰু ইয়াৰ বিল প্ৰদান কৰে। এই কথাত ক্ষুণ্ণ হৈ যুৱকজনে সমগ্ৰ তথ্য সমন্বিতে পৰৱৰ্তী সময়ত অ’ এন জি চি কৰ্তৃপক্ষক এই সম্বন্ধত এক অভিযোগ দাখিল কৰে। বহিৰাগত প্ৰতিষ্ঠানটোৱে বহু গ্ৰাহকৰ পৰা অনুৰূপ ধৰণেৰে অত্যাধিক দামত দৰৱ বিক্ৰী কৰাৰ মুনাফা আদায় কৰি লুণ্ঠন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।অ’ এন জি চি অসম সম্পদ কৰ্তৃপক্ষক তথ্য সহ অভিযোগ দাখিল কৰাৰ পিছতো নিগম কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাত অৱশেষত যুৱকজনে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তথ্যসহ জিলা উপায়ুক্ত আৰু নাজিৰা মহকুমাধিপতিক অভিযোগ দাখিল কৰে । বিষয়টোৰ গুৰুত্ব বুজি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে দণ্ডাধীশ পৰ্যায়ত তদন্তৰ বাবে মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ তথা সহায়ক আয়ুক্ত প্ৰীতম গগৈক দায়িত্ব ন্যস্ত কৰে । দণ্ডাধীশ গৰাকীয়ে ইতিমধ্যে প্ৰথম সাক্ষ গ্ৰহণ কৰাৰ লগতে নাজিৰাস্থ এপ’ল’ প্ৰতিস্থানত পদাৰ্পণ কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে তদন্তৰ বাবে দণ্ডাধীশ গৰাকীয়ে ঘটনাৰ দিনা হোৱা কাৰ্য – কলাপৰ বিষয়ে প্ৰতিষ্ঠানটোত থকা চি চি কেমেৰাৰ ফুটেজ নিৰিক্ষণ কৰিব বিচাৰে যদিও উক্ত দিনাৰ চি চি কেমেৰাৰ ফুটেজ নোহোৱাটোয়ে আন এক ৰহস্যৰ সৃষ্টি কৰিছে । এনে ঘটনাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ফল কি হয় সেয়া সময়তহে পোহৰলৈ আহিব । সচেতন ৰাইজে এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনক দাবী জনাইছে।