নেচনেল ডেক্স,২৫ আগষ্টঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজু শ্ৰীবাস্তৱ। কৌতুক অভিনেতা আৰু প্ৰখ্যাত চেলিব্ৰিটি ৰাজু শ্ৰীবাস্তৱে ১৫ দিন চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত আজি জ্ঞান লাভ কৰিছে। কৌতুক অভিনেতাজনক দিল্লীৰ এইমছৰ চিকিৎসকসকলে নিৰীক্ষণ কৰি আছে। ৰাজু শ্ৰীবাস্তৱক ১০ আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১০ আগষ্টৰ পৰা তেওঁ জীৱনৰ বাবে যুঁজি আছে। তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল আৰু জিমত ব্যায়াম কৰোঁতে বাগৰি পৰিছিল। সেইদিনাই চিকিৎসালয়ত তেওঁৰ এঞ্জিওপ্লাষ্টি হৈছিল। ৰাজু শ্ৰীবাস্তৱ এতিয়াও এইমছৰ ভেণ্টিলেচনত আছে। তেওঁৰ ব্যক্তিগত সচিব গৰ্ভিত নাৰাঙে সংবাদ মাধ্যমক জনোৱা মতে ৰাজু শ্ৰীবাস্তৱক দিল্লীৰ এইমছৰ চিকিৎসকসকলে নিৰীক্ষণ কৰি আছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈ আছে। চিকিৎসকসকলেও ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য উন্নত কৰিবলৈ যথাসাধিকাৰ চেষ্টা কৰি আছে। ইয়াৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছে।