ধুবুৰী, ২৬আগষ্টঃ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অধীনস্থ হাৰকাটা মুছলিমপাৰাত আজি এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হয়। অভিযোগ মৰ্মে হাৰকাটা মুছলিম পাৰাৰ নিবাসী লিয়াকত আলীৰ পুত্ৰ ৰাকিবুল আলীয়ে এবছৰ আগতে ৰাণীগঞ্জৰ চামুদা বেগমৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। সামৰ্থ্য অনুযায়ী চামুদা বেগমৰ পিতৃয়ে বিবাহৰ লগত প্ৰয়োজনীয় সামগ্ৰী খিনি যোগান ধৰিছিল। কিন্তু কিছুদিনৰ পৰা লিয়াকত আলীয়ে এখন মটৰ চাইকেল বিচাৰি চামুদা বেগমৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। আজি খঢ়ি কাটিবলৈ মাতি নি চামুদা বেগমক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ কৰে।

চামুদাৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত স্বামী লিয়াকত আলী, শহুৰ ইয়াকত আলী, শাহুৱেক ৰেজিনা বিবিকে ধৰি আন তিনি গৰাকীৰ ওপৰত এজাহাৰ দাখিল কৰে। ইপিনে শালকোচা আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে।