ৰঙিয়া, ২৬আগষ্টঃ ৰঙিয়া চ’চাইটি চকত বিপদসঙ্কুল ভাবে পথ অতিক্ৰম কৰিবলৈ লওতেই বহু লোক দুৰ্ঘটনাত পতিত হৈছে । কোনো ধৰণৰ বেৰিগেট অথবা যানবাহান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো সংকেট নথকাত এনেদৰে দৈনিক সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৰঙিয়াৰ চ’চাইটি চকত। যাৰ বাবে আজি বাইক আৰু চুইফট ডিজিয়াৰ বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলত বাইক আৰোহী দুগৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। নলবাৰীৰ দীপজ্যোতি কলিতা আৰু ৰিংকি বৰ্মন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত ৰঙিয়া স্বস্তি হস্পতালত ভৰ্তি কৰায়।