লখিমপুৰ ,, ২৭ আগষ্ট : নর্থ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) নিলম্বিত অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ সমেজিক মাধ্যমত ভাইৰেল হোৱা অশ্লীল বাৰ্তালাপ, ফটোৰ প্ৰসংগক লৈ লখিমপুৰ আজিও উত্তপ্ত হৈ আছে। নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত আজি ৬টাকৈ আহোম সংগঠনে সংবাদমেলৰ জৰিয়তে অধ্যক্ষজন ষড়যন্ত্ৰৰ বলি হোৱা বুলি সদৰি কৰে। আহোম সভা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, পূর্বাঞ্চল টাই সাহিত্য সভা, ফুৰালুং সংঘ আৰু টাই আহোম মহিলা পৰিষদে আজি নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া প্ৰকৃততে পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে কয়। অধ্যক্ষগৰাকী আহোম সম্প্রদায়ৰ হোৱাৰ বাবে তেওঁক জনমানসত হেয় কৰাৰ পৰিকল্পনাৰে তথা বৌদ্ধিক ক্ষেত্ৰখনত থকা তেওঁৰ সুনাম বিনষ্ট কৰাৰ ঠিকা লৈয়ে তেওঁৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে আক্রোশমূলকভাবে প্রতিবাদমুখৰ হৈ পৰিছে বুলিও আহোম সংগঠনকেইটাই গুৰুতৰ অভিযোগ কৰে যদিহে আইনৰ দৃষ্টিত অধ্যক্ষগৰাকী দোষী সাব্যস্ত হয় তেন্তে অধ্যক্ষ চেতিয়াই শাস্তি পোৱাতো আমিও বিচাৰো বুলি সংগঠন কেইটাই মন্তব্য কৰে। যদি অধ্যক্ষ চেতিয়া নির্দোষী হয় তেন্তে বর্তমান এক পক্ষীয়ভাৱে অধ্যক্ষগৰাকীক সমাজত হেয় প্রতিপন্ন কৰা সংগঠনকেইটাৰ সকলো নেতা-কর্মী শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি আহোম সংগঠনকেইটাৰ নেতাসকলে হুংকাৰ দিছে। উল্লেখ্য যে, কালি প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আছু নেতৃত্বই অধ্যক্ষ বিমান চেতিয়াক তৎকালেই গ্রেপ্তাৰৰ দাবী তুলিছিল। ক’বলৈ গ’লে আজিৰ সংবাদমেলত পৰোক্ষভাৱে আহোম সংগঠনকেইটাই জাতীয় সংগঠনক সকীয়নি দিয়ে। আহোম সংগঠনকেইটাই অধ্যক্ষ বিমান চেতিয়াৰ বিপক্ষে থকা একাংশ লোক, দল-সংগঠনে মিলি কোনো প্রমাণ অবিহনেই প্রতিবাদৰ নামত নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ তোলে। আইনৰ দৃষ্টিত যদি অধ্যক্ষ দোষী প্রমাণিত হয় তেনেহ’লে তেওঁক শাস্তি দিয়ক। কিন্তু ইয়াৰ অন্যথা তেওঁ নির্দোষী হ’লে আহোম সংগঠন সমূহে এনে এক ভয়াবহ প্রতিবাদ সাব্যস্ত কৰিব যিটো প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব। আহোম সংগঠন সমূহৰ অভিযোগ প্ৰতিটো মুহূর্ততে আহোম সকলক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ ষড়যন্ত্র চলাই আহিছে। বিগত সময়ত উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ড° ৰঞ্জন কুমাৰ গগৈ, প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আদিক বিভিন্ন ষড়যন্ত্ৰৰে অপবাদ দিয়াৰ চেষ্টা কৰিছিল যদিও বার্থ হৈছে। আজিৰ সংবাদমেল খনিত আহোম সভাৰ সভাপতি কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ, টাইপাৰ সাধাৰণ সম্পাদক প্রাঞ্জল কোঁৱৰ, মুখ্য উপদেষ্টা অজিত বুঢ়াগোহাই, সহ-সম্পাদক লক্ষ্য কোঁৱৰ, আটাছুৰ সভাপতি প্রদীপ গগৈ, টাই আহোম মহিলা সংগঠনৰ আহ্বায়ক ভাৰতী ফুকন, মন্দিৰা চাংমাই, আটাছুৰ উপদেষ্টা ড° অমৰেন্দ্ৰ গগৈ আদি উপস্থিত থাকি এক পক্ষীয় ভাবে অধ্যক্ষ গৰাকীক অপমান কৰা কাৰ্যক ধিক্কাৰ দি চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা যুৱতীগৰাকী প্ৰকৃততে কোন বুলি প্রশ্ন উত্থাপন কৰে ।
