তিনিচুকীয়া ২৭ আগষ্ট : জিলা আইন সেৱা প্ৰাধিকৰণ, তিনিচুকীয়াৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আইন সেৱা শিবিৰৰ আজি শুভউদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয় মাননীয় মুখ্য ন্যায়াধীশ শ্ৰীযুত আৰ. এম. চায়াই। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত মাননীয় মুখ্য ন্যায়াধীশ শ্ৰীযুত আৰ.এম চায়াই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা এই আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রশাসনিক বিভাগৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যবাহী অধ্যক্ষ মাননীয় ন্যায়াধীশ শ্ৰীযুত এন. কোটিশ্বৰ সিং, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ তথা তিনিচুকীয়া জিলাৰ তত্বাৱধায়ক ন্যায়াধীশ শ্ৰীযুত এম. আৰ. পাঠক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সুমন শ্যাম প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল। আজিৰ কাৰ্য্যসূচীতে মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে দুগৰাকী হিতাধীকাৰীৰ হাতত উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছ সংযোগৰ নথি প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত জিৰো বেলেঞ্চত খোলা এগৰাকী হিতাধীকাৰীৰ বেংক একাউণ্টৰ পাছবুক প্ৰদান কৰে। আনহাতে শেহতীয়াকৈ শিক্ষা বিভাগৰ সন্মতি সাপেক্ষে তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণে এডপ্ট কৰা বজালতলী নিম্ন প্ৰাথমিক বিদ্যালয়খনৰ এডপ্টচন নথি মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে বজালতলী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষয়ত্ৰী জিমলী দত্তৰ হাতত প্ৰদান কৰে। আজিৰ কাৰ্য্যসূচীতে মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আচঁনিৰ অধীনৰ ৫ গৰাকী সামাজিক সমল ব্যক্তিক দুচকীয়া বাহন প্ৰদান কৰে। আজিৰ আইনী সেৱা শিবিৰত ১৫ টাতকৈও অধিক চৰকাৰী বিভাগে নিজ নিজ বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে ই – শ্ৰম কাৰ্ডৰ পঞ্জীয়ন, ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান, শূন্য বেলেঞ্চত বেংক একাউণ্ট খোলা , আধাৰ কাৰ্ডৰ পঞ্জীয়ন, অক্ষমতাৰ প্ৰমাণ পত্ৰৰ পঞ্জীয়ন আদি থিতাতে কৰাৰ সুবিধা প্ৰদান কৰে। আজিৰ কাৰ্য্যসূচীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধক্ষ্য এন. কোটিশ্বৰ সিঙে আইনী সেৱা প্ৰাধিকৰণে জনসাধাৰণৰ সেৱাৰ বাবে দায়িত্ব পালন কৰে বুলি উল্লেখ কৰে আৰু জনসাধাৰণক এই আইনী সেৱা প্ৰাধিকৰণে প্ৰদান কৰা সুবিধাসমূহ লাভ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, জিলা আইন সেৱা প্ৰাধিকৰণে জনসাধাৰণক চৰকাৰী বিভাগসমূহৰ পৰা বিভিন্ন আচঁনি তথা অন্যান্য সুবিধা আদায় কৰাত সহায় আগবঢ়োৱাৰ লগতে চৰকাৰী বিভাগৰ পৰা বিভিন্ন সুবিধা লাভ কৰাত হিতাধিকাৰী সকলৰ সহায়ৰ বাবে পেনেল আইনী স্বেচ্ছাসেৱকসকলক নিয়োগ কৰিছে। আনহাতে আজিৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা কাৰাগাৰ চৌহদৰ ভিতৰত স্থাপন কৰা চেনিটাৰী নেপকিন নিৰ্মাণ গোটৰো মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী আৰ. এম চায়াই শুভউদ্বোধন কৰে।