লখিমপুৰ, ২৬ আগষ্ট : নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়াৰ কু কাণ্ডক লৈ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলসংবাদ মেল আয়োজন কৰে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই । সংবাদ মেল খনিত আছুৰ সাংগঠনিক সম্পাদক পুলক বৰা, জিলা সভাপতি সীমান্ত নেওগ , সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে অধ্যক্ষৰ কাণ্ডক ঘোৰ নিন্দা কৰে আৰু আৰক্ষীক তৎকালেই ক্ষীপ্ৰ তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনায় ।আছুৱে অধ্যক্ষৰ উক্ত কু-কৰ্মৰ সাধাৰণ তদন্ত খিনিও অসম আৰক্ষীয়ে নকৰাৰ গুৰুতৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে ।আৰক্ষীয়েএই মুহূৰ্তলৈকে অধ্যক্ষ গৰাকীৰ মোবাইল ফোনটোকে জব্দ নকৰাৰ গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ।ইফালে এনে এক ঘটনা ঘটাৰ পাছতো অসম চৰকাৰে তথা শিক্ষা বিভাগে তৎকালেই ব্যৱস্থা নোলোৱা কথাটোক সহজ ভাবে লব পৰা নাই সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই।মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে কেৱল অধ্যক্ষ গৰাকীক ১৫ দিনীয়া অব্যাহতি দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আছুৱে । আছুৰ দাবী – অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰক । ঘটনাৰ তদন্তৰ নামত ।এটা টুইট কৰিয়ে দায়িত্ব সামৰা বুলি শিক্ষামন্ত্ৰীক তীব্ৰ সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো হস্তক্ষেপৰ দাবী জনায় ।কেৱল যৌন গন্ধী স্ক্ৰীন শ্বট বিতৰ্কই ডঃ বিমান চেতিয়াৰ নামত নাই।তেওঁ চল চাতুৰীৰে অধ্যক্ষ পদ হস্তগত কৰাৰ বিস্ফোৰক অভিযোগ আছুৰ।বিমান চেতিয়াৰ পি এইছ ডি ডিগ্ৰী ভুৱা বুলি হোৱা চৰ্চাৰ আঁত ধৰি আছুৰ স্পষ্ট মত-‘তেওঁৰ পি এইছ ডি ডিগ্ৰীৰ ওপৰত হব লাগে উচিত তদন্ত’।