গুৱাহাটী,২৮ আগষ্টঃ আলফাৰ জেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণ ওৰফে গুণত ডাঙৰীয়াক অমৰ মৃতক ঘোষণা কৰিছে আলফা স্বাধীনে। উল্লেখ যে যোৱানিশা গুৱাহাটীৰ এপ’ল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে আলফাৰ অন্যতম জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল জ্যেষ্ঠ আলফা নেতাগৰাকী। আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ আছিল মেজৰ জেনেৰেল জীৱন মৰাণ। তেওঁৰ মৃত্যুত আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে। এই সন্দৰ্ভত শোক প্ৰকাশ কৰি এক বিবৃত্তি প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সৰ্বাধিনায়ক গৰাকীয়ে। তেওঁ কয় যে ১৯৮৪ চনত আলফা সামৰিক গোটৰ প্ৰশিক্ষণৰ আগমূহুৰ্তত বিপ্লৱৰ পথাৰত ভৰি দি তেখেতে জাতীয় মুক্তি বিপ্লৱখন আগুৱাই নিয়াত জীৱনৰ অধিকচোৱা সময় উচ্চৰ্গা কৰিলে। সংগঠনৰ অধিকাংশ শীর্ষ নেতাই তথাকথিত আলোচনাৰ নামত সংগঠনটোক দলনিত পোনা মেলি বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ সময়ত তেখেতে লৌহস্থিতিৰ ভূমিকা পালন কৰি সংগঠনটোক শক্তিশালী কৰাত মনোনিৱেশ কৰিছিল। তেখেতৰ সেই বলিষ্ঠ অৱদানৰ বাবে সংগঠন চিৰকৃতজ্ঞ আৰু ঋণী হৈ ৰ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে সংগঠনে বিত্ত বিভাগৰ উপৰি সহঃ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব তেখেতৰ ওপৰত অৰ্পন কৰিছিল। সেই মর্মে তেখেতেও নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠা আৰু সততাতে সমাপন কৰি সকলোৰে মাজত প্রিয়ভাজন হৈ পৰিছিল। কিন্তু বয়সৰ লগে লগে শাৰীৰিক অসুস্থতাৰ বাবে এইগৰাকী লৌহস্থিতিৰ বিশিষ্ট সংগ্রামী নেতাই ২০২১ চনৰ ২৫ এপ্ৰিলত সংগঠনৰ সকলো দা-দায়িত্বৰ পৰা অব্যাহতি লৈ ওপজা
মাটিলৈ উভতনি যাত্ৰা কৰিছিল। তেওঁ কয় যে সংগঠনৰ প্ৰাক্তন নেতা তথা বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন অসম উচ্চ ৰক্তচাপ, বৃক্ক আৰু যকৃৎজনিত একাধিক দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱাত বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছিল। আনহাতে ক’ভিদ-১৯ত আক্ৰান্ত হোৱাৰ বাবে স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিছিল। অৱশেষত শনিবাৰে নিশা তেওঁৰ মৃত্যু হয়। জীৱন মৰাণৰ
অকাল বিয়োগত অালফা স্বাধীনৰ প্ৰতিজন নেতা, বিষয়া, সদস্য-সদস্যাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমৱেদনা জ্ঞাপন কৰিছে বুলি পৰেশ বৰুৱাই বিবৃত্তি যোগে সদৰি কৰে। তেওঁ কয় যে অসমৰ সন্মিলিত সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা তেখেতৰ ত্যাগ আৰু স্থিতি তেওঁলোকৰ বাবে সদায় নিদৰ্শন হৈ ৰ’ব৷ সশস্ত্র জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই আলফা স্বাধীনে জীৱন মৰাণক “অমৰ মৃতক” ঘোষণা কৰাৰ কথা তেওঁ সদৰি কৰে।
উল্লেখ যে সুদীৰ্ঘ সময় ধৰি পৰেশ বৰুৱাৰ সৈতে ছাঁৰ দৰে লাগি থকা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই ২০২১ চনত স্বাস্থ্যজনিত কাৰণত আলফা স্বাধীন ত্যাগ কৰি প্ৰায় আঢ়ৈ দশক পূৰ্বে এৰি থৈ যোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিজৰ ঘৰখনলৈ ওভতি আহিছিল। আলফাৰ পৰা অব্যাহতি লৈ মূলসুঁতিলৈ ঘূৰি অহাৰ পিছতেই ধন দাবীৰ এটা গোচৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল এইজন আলফা নেতা ৷ সেই গোচৰত অভিযুক্ত জীৱন মৰাণ দীৰ্ঘ সময় ধৰি কাৰাৰুদ্ধও হৈ থাকিবলগীয়া হৈছিল ৷ তেতিয়াৰে পৰাই বৃক্কজনিত ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ আছিল জীৱন মৰাণ। শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে জীৱন মৰাণক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এপ’ল হাস্পতালত ৷ চিকিৎসাধীন অৱস্থাতে জ্যেষ্ঠ আলফা নেতাগৰাকী ক’ভিডতো আক্ৰান্ত হৈ পৰে আৰু যোৱা নিশা ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
