তিনিচুকীয়া 26আগষ্ট : তিনিচুকীয়াত দুটাকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ।ঘটনা অনুসৰি যোৱা ১৪ আগষ্টৰ নিশা তিনিচুকীয়াৰ মিছনপাৰাত ভাৰাতীয়া হিচাপে থকা ৰঞ্জিত দাস নামৰ এজন লোকে কাষতে ভাড়াতীয়া হিছাপে থকা ৰাজা চক্ৰৱৰ্তী নামৰ এজন লোকক সামান্য কথাৰ বাবে স্ক্ৰু-ড্ৰাইভাৰেৰে খুচি হত্যা কৰে ।ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজা চক্ৰৱৰ্তীৰ খুৰীয়েক মণী চক্ৰবৰ্তীয়ে তিনিচুকীয়াৰ সদৰ থানাত ঘটনা সম্পৰ্কে দাখিল কৰে এজাহাৰ ।
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত 763/22 নম্বৰৰ এক গোচৰ ৰুজু কৰি ৰঞ্জিত দাস নামৰ লোকজনক ভাড়াঘৰত বিচাৰি যায় যদিও লোকজনে নিজৰ মুখমণ্ডলত এচিড জাতীয় পদাৰ্থ ঢালি লৈ গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হয় ।
পৰবৰ্তী সময়ত লোকজনক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পিছতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।ৰঞ্জিত দাস নামৰ লোকজন যোৱা ১৫ আগষ্টৰ পৰা ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকাৰ সময়তে ২৬ আগষ্ট তাৰিখে নিশা পুনৰ নিজৰ পত্নী মধুমিতা সেনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বাথৰুমত ডিঙিত ব্লেডেৰে কাটি হত্যা কৰাৰ লগতে নিজেও ব্লেডেৰে কাটি আত্মহত্যা কৰে ।

Home অসম আৰু উত্তৰপূব তিনিচুকীয়াত দুটাকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়