বৰপেটা,২৮ অাগষ্টঃ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ মহাবিদ্যালয়ৰ নৱনিৰ্মিত “গাৰ্লচ হোষ্টেল পি.জি ব্লক” ৰ অাজি শুভ উদ্বোধন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে। এই নৱনিৰ্মিত গাৰ্লচ হোষ্টেলটোৱে অনাগত দিনত মহাবিদ্যালয়খনৰ ছাত্ৰী সকলক থকা-খোৱাৰ ক্ষেত্ৰত উন্নত মানৰ সুবিধা প্ৰদান কৰাৰ লগতে অধ্যয়ন আদিৰ দিশত সৰ্বাংগীণভাৱে উপকৃত কৰিব বুলি মন্ত্ৰী দাসে দৃঢ়বিশ্বাসেৰে মতপোষণ কৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰী সকল উপস্থিত থাকে। ইপিনে আজি সৰভোগ বিধান সভা সমষ্টিৰ মন্ত্ৰীগৰাকীৰ নিজা ১৬০ নং বুথৰ অন্তৰ্গত ৰাইন’ ক্লাৱ প্ৰাঙ্গণত দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” শ্ৰৱন কৰে ৷ অানকি পূৰ্বৰ দৰে আজিও প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত হৈ থকা বিকাশমুখী কাম-কাজৰ বিষয়ে আলোকপাত কৰাৰ লগতে দেশক উন্নয়নমুখী কৰি তোলাত বিভিন্ন ব্যক্তি তথা দল-সংগঠনৰ উল্লেখনীয় ভূমিকা সন্দৰ্ভত দেশবাসীক অৱগত কৰে ৷ তদুপৰি প্ৰতিবাৰৰ দৰেই এইবাৰো তেখেতৰ ইতিবাচক বক্তব্যই দেশৰ সমগ্ৰ জনগণক উদ্বুদ্ধ কৰে ৷ একেদৰে আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত কামাৰগাঁও পঞ্চায়ত চৌহদত নৱনিৰ্মিত “গান্ধী ভৱন” টিৰ শুভাৰম্ভ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে কেবিনেট মন্ত্ৰী দাসে৷ সৰভোগত অন্যান্য কাৰ্যসূচী ৰূপায়ণৰ লগতে সৰভোগ প্ৰতিপোষক স্বাস্থ্য কেন্দ্ৰ (SSHC) টিও আজি তেওঁ পৰিদৰ্শন কৰে ৷ এই পৰিদৰ্শন কালত স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰ বুজ লয়ে ৷ অানহাতে সৰভোগ কালী মন্দিৰ প্ৰাঙ্গণত নিৰ্মাণ হ’বলগীয়া জননেতা ঘনশ্যাম তালুকদাৰ স্মৃতি মঞ্চ আৰু প্ৰেক্ষাগৃহৰ আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী দাসে। প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মঞ্চ আৰু প্ৰেক্ষাগৃহটোৱে আগন্তুক দিনত স্থানীয় ৰাইজক কলা-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি তেওঁ দৃঢ়বিশ্বাসী বুলি কয়৷ তদ্ৰুপ সৰভোগ সমষ্টিৰ অন্তৰ্গত নিজদমকাত আজি পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ পুঁজিৰে নিৰ্মাণ হোৱা Paver Block পথটিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে। মুঠ ৯ লাখ ৪৮ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই পথটিৰ জৰিয়তে ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ এটি পূৰণ হ’ল আৰু সুচল যাতায়ত ব্যৱস্থাৰ দ্বাৰা আগন্তুক দিনত অঞ্চলবাসী ৰাইজৰ আৰ্থ-সামাজিক দিশৰ উত্তৰণ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ এই কাৰ্যসূচীত তেওঁৰ সৈতে ১৭ নং মেদা-নিচুকা জিলা পৰিষদৰ সদস্যা নমিতা পাটগিৰি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ইফালে আজি বৰপেটাৰোডত অনুষ্ঠিত হোৱা “নীলকান্ত পাটোৱাৰী সোঁৱৰণী ট্ৰফী ফুটবল প্ৰতিযোগিতা” ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ৷ এনেধৰণৰ প্ৰতিযোগিতাই আমাৰ ৰাজ্যখনৰ প্ৰতিভাবান খেলুৱৈসকলক একোখন মঞ্চ প্ৰদান কৰে, য’ত খেলুৱৈসকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰে বুলি প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগিতাখনৰ সফলতা কামনা কৰে আৰু প্ৰতিযোগীসকলক আগন্তুক দিনৰ বাবে শুভেচ্ছা জনায়৷ উল্লেখ্য যে,আজি বৰপেটাৰোড মাৰোৱাৰী যুৱ মঞ্চই আয়োজন কৰা Cyclo Thon, 2022 ৰেলীত অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে সকলোকে সুপ্ৰভাত জনাই দিনটোত সৰভোগ সমষ্টিৰ বহুকেইটা অাঁচনিৰ কামৰ শুভ উদ্বোধন কৰাৰ লগতে আবেলি সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ “হীৰক জয়ন্তী” উদযাপন অনুষ্ঠানৰ সন্দৰ্ভত আয়োজন হোৱা এখনি প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷ উক্ত সভাত “হীৰক জয়ন্তী” অনুষ্ঠানটি সৰ্বাঙ্গসুন্দৰ আৰু সাফল্যমণ্ডিত কৰি তুলিবলৈ বিভিন্ন দিহা-পৰামৰ্শও আগবঢ়ায় কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ৷