বৰপেটা,২৯ আগষ্টঃ সম্প্ৰতি মৌলবাদ তথা জেহাদী কাৰ্যকলাপৰ সৈতে সাঙোৰ খাই পৰা বৰপেটা জিলাৰ হাউলীৰ যশিহাটীপাৰাতস্থিত মাদ্ৰাছাত আজি পূৱাৰ ভাগত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জানিব পৰা মতে হাউলীৰ যশিহাটীপাৰাত থকা ‘শ্বাইখুল হিন্দ মাহমুদুল হাচান জামিউল হুদা ইছলামিক একাডেমী’ নামৰ ব্যক্তিগত মাদ্ৰাছাখনত বৰপেটা জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। উল্লেখ্য যে,এই মাদ্ৰাছখনতে বিগত ২০১৯ চনৰ পৰা অল কায়দা তথা আনছাৰুল্লাহ বাংলা টীমৰ জেহাদী বাংলাদেশী নাগৰিক মহম্মদ সুমনে শিক্ষকৰূপে বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই গৈছিল। অানকি মহম্মদ সুমনৰ তত্বাৱধানত জেহাদী কাৰ্যকলাপৰ এই মাদ্ৰাছাখন অভিকেন্দ্ৰ হৈ পৰিছিল। অাৰু বিগত সময়ত মহম্মদ সুমন আৰক্ষীৰ জালত পৰাৰ পাছত এই সমগ্ৰ তথ্য পোহৰলৈ আহিছিল। মাদ্ৰাছাখন বাংলাদেশী সুমনে ছাত্ৰক ইছলামিক ধৰ্মীয় শিক্ষা দিয়াৰ লগতে একাংশক উগ্ৰ বাদৰ বাবে উৎসাহিত কৰিছিল বুলি প্ৰশাসনে সন্দেহ প্ৰকাশ কৰিছে। সেয়ে অৱশেষত আজি বৰপেটা জিলা প্ৰশাসনে এই মাদ্ৰাছাখন উচ্ছেদ কৰে।