তিনিচুকীয়া ৩০ আগষ্ট: তিনিচুকীয়া চহৰত প্ৰায়ে গাড়ী, মটৰ চাইকেল চুৰি হোৱা ঘটনা সংঘটিত হৈ আহিছে । পুৱতি নিশা এইবাৰ চুৰে প্ৰবেশ কৰে চৰকাৰী কৰ্মচাৰীৰ বাসগৃহত ত্।কথমপি নিব নোৱাৰিলে এখন নতুন ৰয়েল এনফিল বুলেট ।এই ঘটনা সংঘটিত হৈ তিনিচুকীয়া চহৰৰ বেংকপুখুৰী বিবাহ ভৱনৰ সমীপৰ বাসিন্দা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰপ্ৰাপ্ত D. F. O প্ৰয়াত ইউনোচ আলিৰ বাসগৃহত । পুৱতি নিশাৰ প্ৰয়াত ইউনোচ আলিৰ বাসগৃহত প্ৰবেশ কৰি তেখেতৰ পুত্ৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ১নং ৰেঞ্জৰ গ্ৰেড ১ৰ কৰ্মচাৰী ইৰ্ফান আলিৰ নতুনকৈ ক্ৰয় কৰা ৰয়েল এনফিল বুলেটখন চুৰে নিয়াৰ সম্পূৰ্ণ চেষ্টা চলাইছিল যদিও ডিচ লক ভাঙিবলৈ সক্ষম নোহোৱাৰ বাবে উক্ত বুলেটখন নিবলৈ সক্ষম নহল চোৰৰ দলটিয়ে । উক্ত সমগ্ৰ ঘটনা ইৰ্ফান আলিৰ বাসগৃহৰ ওচৰৰ বাসগৃহত থকা চি.চি. কেমেৰাত বন্দী হয় । এই সন্দৰ্ভত ইৰ্ফান আলিয়ে তিনিচুকীয়া সদৰ আৰক্ষী থানাত অৱগত কৰে