গুৱাহাটী,৩১ আগষ্টঃ পুনৰ আলফা স্বাধীনৰ শিবিৰত এজনক মৃত্যুদণ্ড বিহা হৈছে।আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা আলফা সদস্যক মৃত্যুদণ্ড বিহা হ’ল। শিবিৰৰ পৰা পলায়ন কৰা ৰিহণ অসম ওৰফে ছাইফুল ইছলামক মৃত্যুদণ্ড বিহা হৈছে। এই সন্দৰ্ভত আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত কয় যে ২০১২ চনৰ ২৭ জুলাইত ‘ইষ্টাৰ্ণ কামাণ্ড’ মুখ্য কাৰ্য্যালয়স্থিত শিবিৰৰ পৰা কৰ্প’ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছলাম নিশা প্রায় ৮ বজাত পলায়ন কৰিছিল।কিন্তু পিছদিনা ৰাতিপুৱা ৫ বজাত ভ্ৰাম্যমান তহলদাৰী গোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পলায়নৰ দৰে চৰম শাস্তিযোগ্য গুৰুতৰ অপৰাধত অপৰাধী সদস্য গৰাকীৰ বিচাৰ প্ৰক্ৰিয়া নিম্ন বিচাৰ সদনত অনুষ্ঠিত হয়। উক্ত সদনত অপৰাধীয়ে অপৰাধ নিজ মুখে স্বীকাৰ কৰি পুনৰ আত্ম-সংশোধনৰ জৰিয়তে সংগঠনত সেৱা আগবঢ়াই যোৱাৰ সদিচ্ছাৰে অন্তিম সুযোগ প্ৰদানৰ বাবে কাতৰ অনুৰোধ জনায়। তাৰোপৰি ভৱিষ্যতে এনে কাপুৰুষোচিত, ঘৃণনীয় আৰু জাতিদ্রোহী কাৰ্য্যৰ পুনৰাবৃত্তি নকৰাৰ লিখিত তথা দৃশ্য-শ্রাব্য প্ৰতিশ্ৰুতি দিয়ে। যাৰ পৰিপ্ৰেক্ষিতত নিম্ন বিচাৰ সদনে সকলো দিশ পুংখানুপুংখ পৰ্য্যালোচনাৰ শেষত অপৰাধী সদস্যগৰাকীয়ে বিচৰা অনুৰোধসূচক অন্তিম সুযোগক ইতিবাচকভাৱে মান্যতা দি মৃত্যুদণ্ডৰ পৰিবৰ্তে শাৰীৰিক শ্ৰমদানেৰে লঘু শাস্তিৰ ৰায় প্ৰদান কৰে। কিন্তু ২১ আগষ্টত ইষ্টার্ণ কামাণ্ড’ মুখ্য কাৰ্য্যালয়ৰ পৰা আন এঘাৰ গৰাকী বিষয়া সদস্যৰ সৈতে ‘চলমান সাধাৰণ মুখ্য কাৰ্য্যালয়লৈ বুলি যাত্ৰা পথত ২৩ আগষ্টত পুৱতি নিশা আশ্রয়স্থলীত আন বিষয়া-সদস্য সকল নিদ্ৰাৰত অৱস্থাত দ্বিতীয়বাৰ পলায়ন কৰে। কিন্তু সেই দিনাই আবেলি কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু ‘ইষ্টান কামাণ্ড’ মুখ্য কাৰ্য্যালয়লৈ উভতনি যাত্ৰাৰত মূহুৰ্তত আচম্বিতে পাহাৰীয়া ৰাস্তা এটাৰ কাষৰ থিয় গৰাত জপিয়াই তৃতীয়বাৰৰ বাবে পলায়ন কৰে। পৰৱৰ্তী সময়ত অর্থাৎ ২৫ আগষ্টৰ আবেলি পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সেয়েহে ৩০ আগষ্টত পুনৰবাৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আন এখন বিচাৰ সদনৰ সন্মুখত অপৰাধী বিহন অসমে নিজৰ একাধিক দোষ স্বীকাৰ কৰাৰ উপৰিও একাংশ আৰক্ষী বিষয়াৰ লগত সংগোপনে জড়িত হৈ মুক্তাঞ্চললৈ অহাৰ কথা অকপটে স্বীকাৰ কৰে।অপৰাধীৰ স্বীকাৰোক্তি শুনাৰ পাছত সংগঠনৰ সংবিধানৰ বিচাৰ উপৰিধি অনুসৰি মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল। অভিযানকালীন সময়ছোৱাত পলায়ন তথা শত্ৰুৰ হৈ চোৰাংচোৱাগিৰি কৰা সদস্যৰ ওপৰত আৰোপিত মৃত্যুদণ্ডৰ ৰায় নিম্ন সদনে বাহাল ৰাখে। সদস্যজনৰ দোষসমূহ ক্ষমাৰ অযোগ্য হোৱা হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি মৃত্যুদণ্ড বিহা হয় বুলি বিবৃত্তিটোত কোৱা হয়।