৩১ আগষ্টঃ ডিগবৈ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত আটক সাত যুৱকসহ NL 07 CA 0413 নম্বৰৰ বেলে’ন বাহন ।জানিব পৰা অনুসৰি, আটকাধীন আৰক্ষীৰ অভিযানত দুই যুৱকে ডিগবৈৰ (IOC)আই অ চি ৰ আবাসগৃহ এলেকাৰ নিজ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাত আটক কৰে৷ আটকাধীন যুৱকদ্বয় বাসু নায়ক , আমিদূৰ ৰহমান ৷ দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই অভিযান চলাই ডিগবৈ লাচিত নগৰ আৰু বৰবিলৰ পৰা পাঁচজন টিংকু যুৱকজনক আটক কৰে ৷ আটকাধীন যুৱকদ্বয়ে ডিগবৈৰ সৰুভাই নামৰ এক যুৱকৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ কথা আৰক্ষী জানিবলৈ দিছে ৷ আটকাধীন আটাইকেইজন যুৱকক NDPS ধাৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷