বৰপেটা,১চেপ্টেম্বৰঃ বৰপেটা জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বালাভিঠাৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা যুৱকজন হৈছে বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত ভালুকীৰ নিয়ত আলীৰ পুত্ৰ আজাহাৰ আলী (২২) ৷ তেওঁৰ পৰা ৩০ টা কন্টেইনাৰত ৩৯ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয় বুলি বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাসে জানিবলৈ দিছে। পিছে বৰপেটাৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী এই অভিযান অব্যাহত থাকিব বুলি জনাইছে ৷
