গুৱাহাটী,১ ছেপ্তেম্বৰঃ তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ ‘জয়মালা’ নামৰ হাতীটো ঘূৰ‍াই অনাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ মহন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ পঠিওৱা হ’ব। বন বিভাগৰ দলটোৱে ‘জয়মালা’ আৰু আন ৮ টা হাতী ঘূৰাই আনিবলৈ যাব। উল্লেখ যে তামিলনাডুত অসমৰ মুঠ ৯ টা হাতী অবৈধভাৱে ৰখা হৈছে। এই হাতীবোৰ ২০০৮ চনত মন্দিৰ ভ্ৰমণৰ নামত অসমৰ পৰা লীজত দিয়া হৈছিল, কিন্তু তেতিয়াৰ পৰা অবৈধভাৱে ৰখা হৈছে। উল্লেখ যে অসমৰ পৰা নিয়া জয়মালা নামৰ হাতীটোক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনহাতে সৰৱ হৈ পৰে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ। ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰা ঘটনাটো সন্দৰ্ভত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ তামিলনাডুৰ এটা মন্দিৰত আৱদ্ধ হৈ আছে অসমৰ জয়মালা। জয়মালাৰ লগতে আন ৮টা হাতী ঘূৰাই আনিবলৈ যাব দলটো। ইফালে জনতা ভৱনত জয়মালাৰ সন্দৰ্ভত এক বৈঠকো অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। লক্ষণীয় বিষয় যে হাতীকেইটা অসমলৈ ঘূৰাই পঠোৱাৰত অসম চৰকাৰক তামিলনাডু চৰকাৰে সহযোগিতা কৰা নাই। জয়মালা হাতীটো তামিলনাডুৰ এটা মন্দিৰৰ অধীনত থকাৰ বাবে অসমলৈ ঘূৰাই অনাৰ ক্ষেত্রত কিছু প্ৰত্যাহ্বানৰ হ’ব বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি তামিলনাডু চৰকাৰে হাতীবোৰ ঘূৰাই পঠোৱাত অসম চৰকাৰৰ সৈতে সহযোগিতা কৰা নাই।