গুৱাহাটী,১ ছেপ্তেম্বৰঃ ঠিকাভিত্তিক শিক্ষকৰ বাবে ভাল খবৰ। সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে বৰ্ধিত হাৰত লাভ কৰিব মৰগীয়া বানচ অৰ্থাৎ ডি এ। পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ শতাংশ মৰগীয়া বানচ বৃদ্ধি পাব। আনহাতে আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা ৭ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি পাব সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলৰ। আজি এই কথা টুইট যোগে ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। এই সন্দৰ্ভত জাৰি কৰা হৈছে জাননী।










